পুনৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে সন্দীপন গাৰ্গ।
জুবিন গাৰ্গ হত্যা গোচৰৰ পৰা ৰেহাই বিচাৰি কৰা আবেদনৰ শুনানি।
এতিয়া প্ৰশ্ন হয় জুবিন গাৰ্গ হত্যা গোচৰৰ পৰা ৰেহাই পাব নেকি সন্দীপন গাৰ্গে?
গোচৰটোৰ পৰা ৰেহাই বিচাৰি কৰা আবেদনৰ আজি পুনৰ শুনানিৰ দিন ধাৰ্য।
ফাষ্টট্রেক আদালতে ৰেহাই মঞ্জুৰ নকৰাত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল সন্দীপন।
সন্দীপনে দাখিল কৰা আবেদনৰ দুটাকৈ শুনানি গ্ৰহণ কৰিছে আদালতে।
পূৰ্বৰ শুনানিত কেচ ডায়েৰী আৰু ফাষ্টট্রেক আদালতৰ বিচাৰৰ নথি জমা দিবলৈ নিৰ্দেশ দিছিল আদালতে।
জুবিন হত্যা গোচৰৰ পৰা ৰেহাই বিচাৰি উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তও।
আনহাতে আজি পুনৰ উচ্চ ন্যায়ালয়ত হব অমৃতপ্ৰভা মহন্তৰ জামিনৰ শুনানিই।

