Breaking

উত্তৰ আফ্ৰিকাৰ দেশ মৰক্কোত এক প্রবল ভূমিকম্প সংঘটিত ! ভূমিকম্পত এতিয়ালৈকে প্ৰায় ১০০০জন লোক নিহত

0 72

উত্তৰ আফ্ৰিকাৰ দেশ মৰক্কোত এক প্রবল ভূমিকম্প সংঘটিত হৈছে। এই ভূমিকম্পত এতিয়ালৈকে প্ৰায় ১০০০ লোক নিহত হোৱাৰ লগতে ১৫৩ জনৰো অধিক লোক আহত হৈছে। হতাহতৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলি আশংকা কৰা হৈছে।

হতাহতৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলি আশংকা কৰা হৈছে। শুকুৰবাৰে স্থানীয় সময় অনুসৰি ১১:১১ বজাত সংঘটিত হয় এই ভূমিকম্প। আমেৰিকাৰ ভূতাত্ত্বিক জৰীপ বিভাগে (ইউ এছ জি এছ) জনোৱা মতে, এই ভূমিকম্পৰ প্রাবল্য ৬.৮ আৰু ইয়াৰ উৎপত্তি হৈছে এটলাছ পৰ্বতৰ স্কি ৰিজ’ৰ্ট অকাইমেডেনৰ ওচৰত।

ইউ এছ জি এছৰ তথ্য অনুসৰি এশ বছৰতকৈও অধিক সময়ৰ ভিতৰত মৰক্কোত হোৱা আটাইতকৈ শক্তিশালী ভূমিকম্পটো আছিল এইটোৱেই।

Leave A Reply