চানমাৰিত উদ্বোধন সদৌ অসম সাংবাদিক কল্যাণ ন্যাসৰ শীত-তাপ নিয়ন্ত্ৰিত অত্যাধুনিক প্ৰেক্ষাগৃহ

চানমাৰিত উদ্বোধন সদৌ অসম সাংবাদিক কল্যাণ ন্যাসৰ শীত-তাপ নিয়ন্ত্ৰিত অত্যাধুনিক প্ৰেক্ষাগৃহ
অচিৰেই অসমৰ সংবাদমাধ্যমৰ বাবে চৰকাৰে গ্ৰহণ কৰিব নতুন নীতিঃ তথ্য আৰু জনসংযোগ বিভাগৰ আয়ুক্ত-সচিব কুমাৰ পদ্মপানি বৰা
বহু বৰেণ্য ব্যক্তিৰ সান্নিধ্যৰে ধন্য চানমাৰিত নতুনকৈ সংযোজিত হোৱা সাংবাদিক কল্যাণ ন্যাসৰ প্ৰেক্ষাগৃহই সকলোৰে চাহিদা পূৰণ কৰিবঃ ড° নন্দসিং বৰকলা


ৰাজ্যৰ সাংবাদিক সকলৰ কল্যাণৰ হকে এক সৎ উদ্দেশ্যৰে গঠন হোৱা সদৌ অসম সাংবাদিক কল্যাণ ন্যাসৰ আজি এটি স্থায়ী কাৰ্যালয় আৰু শীত-তাপ নিয়ন্ত্ৰিত অত্যাধুনিক প্ৰেক্ষাগৃহ মুকলি কৰা হয়। সাংবাদিক নৱজ্যোতি কলিতাই আঁতধৰা অনুষ্ঠানৰ আৰম্ভণিতে অসম সংগীত পৰিবেশন কৰা হয়,ইয়াৰ লগে লগে জ্যেষ্ঠ সাংবাদিক তথা দ্য আছাম ট্ৰিবিউন কাকতৰ প্ৰাক্তন কাৰ্যবাহী সম্পাদক প্ৰশান্ত জ্যোতি বৰুৱা, লেখক,সাহিত্যিক ড° নন্দসিং বৰকলা, দৈনন্দিন বাৰ্তা কাকতৰ মুখ্য সম্পাদক নৰেন হাজৰিকা,সদৌ অসম সাংবাদিক কল্যাণ ন্যাসৰ অধ্যক্ষ তথা দৈনন্দিন বাৰ্তা কাকতৰ সম্পাদক শংকৰ গোহাঞিয়ে বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানটিৰ শুভাৰম্ভ কৰে।মঞ্চত আসন গ্ৰহণ কৰা বিশিষ্ট সাংবাদিক প্ৰশান্ত জ্যোতি বৰুৱা, অসম সাহিত্য সভাৰ কামৰূপ জিলা সমিতিৰ সভাপতি প্ৰফুল্ল বৰ্মন,সাহিত্যিক ড° নন্দসিং বৰকলা, বিশিষ্ট চিন্তাবিদ, স্তম্ভলেখক শংকৰ দাস, ড° নৰেন হাজৰিকা, জ্যেষ্ঠ সাংবাদিক মন্টু শইকীয়া,শিল্পী-সাংবাদিক সোণমণি দত্তক মানপত্ৰ,স্মাৰক আৰু একোখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত ভাষণ দি বিশিষ্ট সাংবাদিক প্ৰশান্ত জ্যোতি বৰুৱাই সাংবাদিকতা এটা ওলাই আহিব নোৱাৰা পেচা বুলি কৈ নিজৰ সাংবাদিক জীৱনৰ বিভিন্ন অভিজ্ঞতা বৰ্ণনা কৰাৰ লগতে ন্যাসৰ উন্নতিৰ হকে পৰামৰ্শ আগবঢ়ায়। কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ সভাপতি প্ৰফুল্ল বৰ্মনে অতি কষ্টেৰে বাতৰি সংগ্ৰহ কৰি অহা সাংবাদিক সকলক সমাজৰ একাংশই শত্ৰুজ্ঞান কৰি আহিছে বুলি উল্লেখ কৰি কয় যে তেওঁলোকক বিপদৰ সময়ত সহায় কৰিবলৈ কোনেও আগবাঢ়ি নাহে,এনে সময়ত সাংবাদিক সকলৰ কল্যাণৰ হকে গ্ৰহণ কৰা এই পদক্ষেপক অতি উল্লেখনীয় বুলি প্ৰসংশা কৰে। জ্যেষ্ঠ সাংবাদিক, সাংস্কৃতিক কৰ্মী সোনমণি দত্তই সাংবাদিক সকলৰো পৰিয়াল থাকে এই ন্যাসৰ দ্বাৰা তেওঁলোকৰ পৰিয়াল সমূহেও নিৰাপত্তা লাভ কৰক বুলি কয়।

তেওঁ কয় যে ন্যাসত প্ৰথমেই আইনী তথা বিভাগীয় দিশ সমূহ নিখুতভাৱে চোৱা-চিতা কৰিবলৈ এজন লোকক নিযুক্তি দিয়া হওক। তেওঁ সাংবাদিকসকলক স্বাস্থ্যৰ প্ৰতি যত্ন লবলৈ আহ্বান জনাই নিজৰ অভিগ্যতাৰে হৃদৰোগ সম্বন্ধীয় কেবাটাও গুৰুত্বপূৰ্ণ দিহা আগবঢ়ায়। ভূপেন হাজৰিকাৰ এটি গীতেৰে তেওঁ ভাষণ সামৰে।অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা বিশিষ্ট লেখক, সাহিত্যিক,সাংবাদিক ড° নন্দসিং বৰকলাই আমি যি কৰিম এসময়ৰ সংবাদজগতৰ বাটকটীয়া সকলৰ কথা স্মৰণ কৰি কৰিম বুলি সংকল্পবদ্ধ হ’বলৈ আহ্বান জনাই কলম হৈছে জীৱনৰ অনুবাদ,জীৱনৰ দাপোন।কলমৰ শক্তি অপৰিসীম বুলি কৈ সাংবাদিকৰ কলমৰ গতি যিদিনাই স্তব্ধ হয় সিদিনাই এজন সাংবাদিকৰ মৃত্যু হয় বুলি কয়।বিশিষ্ট লেখক গৰাকীয়ে এটি স্ব-ৰচিত কবিতা আবৃত্তি কৰাৰ লগতে জীৱন আৰু জীৱিকাৰ ওপৰত তত্বগধুৰ বক্তব্য প্ৰদান কৰে।সদৌ অসম সাংবাদিক কল্যাণ ন্যাসে মানবীয় মুল্যবোধ বৰ্তাই ৰাখিব বুলি আশা প্ৰকাশ কৰি উপস্থিত আটাইকে শুভেচ্ছা জনাই বক্তব্য সামৰে।তেওঁ কয় যে হীৰেন ভট্টাচাৰ্য, ডঃ ভূপেন হাজৰিকা, নৱকান্ত বৰুৱাকে ধৰি বহু বৰেণ্য ব্যক্তিৰ সান্নিধ্যৰে ধন্য চানমাৰিত নতুনকৈ সংযোজিত হোৱা সাংবাদিক কল্যাণ ন্যাসৰ প্ৰেক্ষাগৃহই সকলোৰে চাহিদা পূৰণ কৰিব পাৰিব। তেওঁ কেতিয়াও জীৱন আৰু জীৱিকাক সম্পৃক্ত কৰা নাই বুলি উল্লেখ কৰি কয় যে জীৱিকাৰ অন্ত পৰিব পাৰে কিন্তু জীৱনটো তাৰ মাজতে সজাই লব লাগিব। অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক মন্টু শইকীয়াই ন্যাসৰ অধ্যক্ষ শংকৰ গোহাঞিক শূন্যৰ পৰা সাংবাদিকতা আৰম্ভ কৰি আজি হেজাৰ জনৰ মুখত হাঁহি বিৰিঙাবলৈ কৰা এই প্ৰচেষ্টাৰ ভূয়সী প্ৰশংসা কৰে। তেওঁ নিজৰ ভাষণত সাংবাদিক সকল মালিক পক্ষৰ সলনি ৰাইজৰ প্ৰতিহে দায়বদ্ধ হ’ব লাগে বুলি আহ্বান জনাই। দৈনন্দিন বাৰ্তা গোষ্ঠীৰ লগত ওতঃপ্ৰোত ভাবে জড়িত বিশিষ্ট স্তম্ভ লেখক চিন্তাবিদ শংকৰ দাসে কয় যে কল্যাণ শব্দটো মানৱ জাতিৰ বাবে অত্যন্ত আৱশ্যক। সাংবাদিক সকলৰ হিতৰ বাবে গঠিত এই ন্যাসে সকলোৰে আশা আকাংক্ষা পূৰণ কৰক বুলি আশা ব্যক্ত কৰে। আত্মীয়তা নাথাকিলে সমাজ,সংগঠন একো বৰ্তি নাথাকে,সেয়েহে নিজ স্বাৰ্থ পৰিহাৰ কৰি ন্যাসৰ স্বাৰ্থত সকলোকে কাম কৰিবলৈ তেওঁ আহ্বান জনায়।চৰকাৰৰ বিৰোধ কৰা মানেই সাংবাদিকতা বুলি আজিৰ এচাম সাংবাদিকৰ মাজত গঢ় লোৱা ধাৰণা শুদ্ধ নহয় বুলিও তেওঁ কয়।

তেওঁ সংবাদকৰ্মী সকলক সদায় সত্যৰ পক্ষত থাকি সংবাদ পৰিবেশন কৰাৰ আহ্বান জনায়।দৈনন্দিন বাৰ্তা কাকতৰ মুখ্য সম্পাদক নৰেন হাজৰিকাই স্বৰ্গীয় ৰাধাগোবিন্দ বৰুৱাক সোঁৱৰি সাংবাদিক জীৱনৰ বহু কথা আলোকপাত কৰে। সাংবাদিক সকল একো একোগৰাকী নিৰস্ত্ৰ সৈনিক বুলি উপস্থিত সংবাদকৰ্মী সকলক উৎসাহ প্ৰদান কৰাৰ লগতে ন্যাসৰ অধ্যক্ষ শংকৰ গোহাঞিক যথেষ্ট প্ৰশংসা কৰে। দৈনন্দিন বাৰ্তা কাকতৰ কাৰ্যবাহী সম্পাদক তথা ন্যাসৰ সাধাৰণ সম্পাদক ডিম্পুল চুতীয়াই সেৱাই ধৰ্ম বুলি কৈ সাংবাদিক সকলে সন্মুখীন হৈ অহা বিভিন্ন সমস্যাৰ সময়ত সাহস হিচাপে কাষত ঠিয় দিব পৰাকৈ গঠন কৰা সদৌ অসম সাংবাদিক কল্যাণ ন্যাসৰ আজি এটি সুন্দৰ প্ৰেক্ষাগৃহ মুকলি কৰাই সভাৰ উদ্দেশ্য বুলি জনাই।অনুষ্ঠানত বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিসকলক সকলক সম্বৰ্ধনা পত্ৰ,স্মাৰক আৰু গামোচাৰে আদৰণি জনোৱা হয়। শৰাইঘাট নাট্য গোষ্ঠীৰ তৰফৰ পৰা চন্দন জ্যোতি দাসে অনাগত দিনত ন্যাসক পাৰ্য্যমানে সহায় সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে।উপস্থিত অভ্যাগত সকলৰ মাজৰ পৰা কেবাজনো সাংবাদিকে নিজৰ নিজৰ অভাৱ অভিযোগ তথা দিহা পৰামৰ্শ আগবঢ়ায়। ইপিনে এখন চৰকাৰী বৈঠকত ভাগ লবলগীয়া হোৱা বাবে কিছু পলমকৈ উপস্থিত হোৱা অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগৰ আয়ুক্ত-সচিব কুমাৰ পদ্মপানি বৰাই কয় যে অচিৰেই অসমৰ সংবাদমাধ্যমৰ বাবে চৰকাৰে গ্ৰহণ কৰিব নতুন নীতি। এই বিষয়ত চূড়ান্ত পৰ্যায়ত চিন্ত-চৰ্চা চলি আছে বুলিও তেওঁ কয়। সদৌ অসম সাংবাদিক কল্যাণ ন্যাসৰ অধ্যক্ষ তথা দৈনন্দিন বাৰ্তাৰ সম্পাদক শংকৰ গোহাঞিয়ে সংবাদ মাধ্যমলৈ অহা প্ৰত্যাহ্বান সন্দৰ্ভত বিস্তৃত ভাবে আলোচনা কৰে।তেখেতে সদৌ অসম সাংবাদিক কল্যাণ ন্যাসৰ লক্ষ্য তথা উদ্দেশ্য বৰ্ণনা কৰে।সুস্থ সাংবাদিকতাৰ বাবে চপা মাধ্যমৰ গুৰুত্ব অপৰিসীম বুলিও তেওঁ দৃঢ়াৰে কয়। অনুষ্ঠানৰ মাজতে বিভিন্ন দল সংগঠনৰ পৰা অহা কেবাজনো বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়। ন্যাসৰ সভাপতি তথা দ্য আছাম ৰাইজিং কাকতৰ কাৰ্যবাহী সম্পাদক দুলাল মিশ্ৰ আৰু কাৰ্য্যকৰী সভাপতি হিমাংশু পাঠকে অনুষ্ঠানত উপস্থিত থকাৰ বাবে আটাইকে ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰি শলাগৰ শৰাই আগবঢ়ায়।

Related Articles