Breaking

ঢেকীয়াজুলিৰ শিঙৰীত ভয়াবহ অগ্নিকাণ্ড সংঘটিত…

0 19

ঢেকীয়াজুলি ৰাজহচক্ৰৰ অন্তৰ্গত শিঙৰী আৰক্ষীচকী এলেকাৰ নতুন চিৰাজুলিত আজি ৰাতিপুৱা দহবজাত সংঘটিত হয় ভয়াবহ অগ্নিকাণ্ডৰ ঘটনা৷ভয়াবহ অগ্নিকাণ্ডৰ ফলত সম্পূৰ্ণ ভস্মীভূত হল এটা পৰিয়ালৰ সাসম্পত্তিৰ লগতে প্ৰয়োজনীয় সকলো নথিপত্ৰ৷উল্লেখ্য যে ঢেকীয়াজুলি ৰাজহচক্ৰৰ অন্তৰ্গত শিঙৰী আৰক্ষীচকী এলেকাৰ

নতুন চিৰাজুলি গাঁৱৰ বাসিন্দা অসীম কুমাৰ দাস নামৰ লোকজনৰ বাহগৃহত চিলিণ্ডাৰ বিস্পুৰণৰ ফলত সংঘটিত হয় উক্ত অগ্নিকাণ্ডৰ ঘটনা৷জানিবপৰা মতে অসীম কুমাৰ দাসৰ পত্নীয়ে পাকঘৰত গেছৰ চৌকাত কিবা প্ৰস্তুত কৰিথকা অৱস্থাত চিলিণ্ডাৰত অগ্নিসংযোগ হোৱাত বিস্পুৰণ হয় চিলিণ্ডাৰ৷ ফলত জুইৰ লেলিহানে আগুৰি  ধৰে

অসীম কুমাৰ দাসৰ বাহগৃহত৷স্থানীয় ৰাইজৰ লগতে অগ্নিনিৰ্বাপক বাহিনীৰ জোৱান সকলে অগ্নি নিৰ্বাপনৰ চেষ্টা চলাইছিল যদিওঁ ভয়াবহ অগ্নিকাণ্ডৰ বাবে নিমিষতে জুইত ভস্মীভূত হল পৰিয়ালটোৰ ঘৰৰ বয়বস্তুৰ লগতে প্ৰয়োজনীয় নথিপত্ৰ সমূহ৷লগতে আঘাতপ্ৰাপ্ত হয় অসীম কুমাৰ দাসৰ পত্নী৷

Leave A Reply