Breaking

কৰ্ণাটকৰ পৰা খোজেৰে দেৰগাঁও পালেহি এজন ব্যক্তি…

0 15

মেহচুৰৰ কৃষ্ণ নায়ক নামৰ যোগৰ শিক্ষক এজনে ভাৰত ভ্ৰমণৰ উদ্দেশ্যেৰে আৰম্ভ কৰিছে এক যাত্ৰা। তেওঁ ভাৰত , নেপাল আৰু ভূটান এই তিনিখন দেশ পদপথে খোজ কাঢ়ি শেষ কৰা সঙ্কল্প লৈ আজি ডেৰবছৰে পদযাত্ৰা কৰি আছে। বৰ্তমানলৈকে তেওঁ ১৮ খন ৰাজ্য পদযাত্ৰা কৰি অতিক্ৰম কৰিছে। বৰ্তমানলৈকে তেওঁ ১২ হাজাৰ কিলোমিটাৰ অতিক্ৰম কৰিছে পদপথে খোজকাঢ়ি। তেওঁৰ যাত্ৰাৰ মুল উদ্দেশ্য হ’ল যোগৰ প্ৰচাৰ আৰু প্ৰসাৰ , স্বাস্থ্যৰ প্ৰতি সজাগতা লগতে প্ৰকৃতি সুৰক্ষা কৰা উদ্দেশ্যয়ে মানুহক জাগ্ৰত কৰা।


দেৰগাঁৱত উপস্থিত হৈ দেৰগাঁৱৰ অসম পুলিচ টেৰনিং কলেজৰ APTC ত প্ৰশিক্ষণ লৈ থকা মনিপুৰৰ নৱনিযুক্ত আৰক্ষী প্ৰশিক্ষাৰ্থী সকলক যোগবিদ কৃষ্ণ নায়ক ডাঙৰীয়াই যোগৰ গুৰুত্ব বিষয়ে অৱগত কৰে আৰু যোগৰ প্ৰশিক্ষণ দিয়ে। ইয়াৰে পাছতে দেৰগাঁওৰ চৰকাৰী মাধ্যমৰ দুখন আগশাৰী বিদ্যালত উপস্থিত হৈ ছাত্ৰছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰী সকলক যোগৰ গুৰুত্ব, প্ৰকৃতি সুৰক্ষা বিষয়ে অৱগত কৰাৰ লগতে তেওঁ যোগৰ কিছু প্ৰশিক্ষণ আগবঢ়াই।

Leave A Reply