Breaking

বহিঃৰাজ্যৰ কৰ্মস্থলীলৈ যোৱা অৱস্থাত ট্ৰেইনৰ পৰাই সন্ধানহীন মৰিয়নীৰ এজন ব্যক্তি; পৰিয়ালে উদ্ধাৰৰ বাবে সহায় বিচাৰিলে মুখ্যমন্ত্ৰীৰ…

0 143

বহিঃৰাজ্যলৈ কৰ্মৰ সন্ধানত গৈ সন্ধানহীন মৰিয়নিৰ এজন লোক। মৰিয়নিৰ চেলেংহাট টেঙাবাৰী গাঁৱৰ নিতু গগৈ নামৰ বিবাহিত লোক জন কৰ্মৰ সন্ধানত ৰে’ল যোগে ৰাওনা হৈছিল গুজৰাটলৈ। যোৱা ৩০ মে তাৰিখে আমগুৰি ৰে’ল ষ্টেচনৰ পৰা ট্ৰেইনেৰে গুৱাহাটীত উপস্থিত হৈ গুজৰাট অভিমুখী ট্ৰেইনত উঠিছিল নিতু গগৈ নামৰ ৪০ উৰ্ধৰ ব্যক্তিজন; কিন্তু ব্যক্তিজন গন্তব্যস্থান পোৱাৰ পূৰ্বে সন্ধানহীণ হৈ পৰে।

গুজৰাটৰ গান্ধীনগৰৰ সমীপৰ এটা প্লাউড ফেক্টৰিত কৰ্মৰত আছিল নিতু গগৈ। ৰে’ল যাত্ৰাকালতে ব্যক্তিজন ৰহস্যজনকভাৱে সন্ধানহীন হৈ পৰাত এতিয়া চিন্তিত হৈ পৰিছে পৰিয়ালৰ লোক।

শেষ বাৰৰ বাবে পৰিয়ালৰ লগত ৩ জুন তাৰিখে ফোন যোগে যোগাযোগ কৰি ট্ৰেইনত তেওঁৰ বেগ কেইটা হেৰুৱা বুলি অৱগত কৰিছিল। তাৰ পাছৰ পৰাই যোগাযোগহীন হৈ আছে ব্যক্তিজন।

নিতু গগৈ কোনো দুষ্ট চক্ৰৰ কবলত পৰা বুলি সন্দেহ কৰিছে পৰিয়ালৰ লোকে। আনহাতে ব্যক্তিজন সন্ধানহীন হোৱাৰ সন্দৰ্ভত টীয়ক আৰক্ষী থানাত পৰিয়ালৰ লোকে এজাহাৰ দাখিল কৰিছে যদিও কোনো ধৰনৰ সম্ভেদ উলিয়াবলৈ সক্ষম হোৱা নাই আৰক্ষীয়ে।

আনহাতে যোৱা ১৫ দিনে ব্যক্তিজন ক’ত কি পৰিস্থিতিত আছে সেই বিষয়ে একো সম্ভেদ লাভ নকৰাত পৰিয়ালৰ লোকৰ মাজত হাহাকাৰময় পৰিস্থিতি সৃষ্টি হৈছে। অজান আশংকাত উদ্বিগ্ন হৈ পৰিছে পত্নী আৰু পৰিয়ালৰ লোক।

আনহাতে পুত্ৰক উদ্ধাৰ কৰিবলৈ নিতু গগৈৰ মাতৃয়ে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক সংবাদমাধ্যমৰ যোগেদি কাতৰ আহ্বান জনাইছে।

Leave A Reply