Breaking

তামুলপুৰৰ নাগ্ৰীজুলিৰ ইক্রাবিল গাঁৱৰ সন্ধানহীন ৬০ ৰ উৰ্ধৰ এগৰাকী লোক। চিন্তিত পৰিয়াল

0 520

তামুলপুৰ জিলাৰ নাগ্ৰীজুলিৰ ইক্রাবিল গাঁৱৰ পৰা সন্ধানহীন গোপাল সৰকাৰ নামৰ এগৰাকী ৬০ ৰো উৰ্ধৰ ব্যক্তি। ৯ দিনে সন্ধানহীন লোকজনৰ কোনো সন্ধান নাপাই এতিয়া চিন্তাত ভাগি পৰিছে পৰিয়াল- তথা আত্মীয় স্বজন। মুখেৰে কথা কব নোৱাৰা গোপাল সৰকাৰ বিগত কিছু বছৰ ধৰি ভুগি আছিল মানসিক ৰোগত।বগা চাৰ্ট আৰু কলা লং পেন্ট পৰিধান কৰি চাইকেল লৈ ঘৰৰ পৰা নাগ্ৰীজুলি সাপ্তাহিক বজাৰলৈ ওলাই যোৱা গোপাল সৰকাৰ আজি ৯ দিনে উভতি নাহিল ঘৰলৈ।বিভিন্ন ঠাইত লোকজনৰ সন্ধান বিচাৰি যায় যদিও কোনো শুংসূত্ৰ নাপাই ইতিমধ্যেই নাগ্ৰীজুলি আৰক্ষী চকীত দাখিল কৰিছে এজেহাৰ।

পান তামোলৰ দোকান দিয়া গোপালৰ পত্নী আৰু পুত্ৰই এতিয়া দিশহাৰা হৈ পৰিছে গোপালক বিচাৰি। কোনো লোকে উক্ত লোকজনক প্ৰত্যক্ষ কৰিলে 9864916449 নতুবা 8822671560 নম্বৰত যোগাযোগ কৰিবলৈ কাতৰ অনৰোধ কৰিছে এতিয়া পৰিয়াল বৰ্গই।

Leave A Reply