Breaking

মহাৰাষ্ট্ৰৰ চন্দ্ৰপুৰত এখন ফুটব্ৰীজৰ স্লেব ভাঙি পৰাৰ ফলত এগৰাকী লোক নিহত হোৱাৰ লগতে ২০ গৰাকী আহত…

0 59

মহাৰাষ্ট্ৰৰ চন্দ্ৰপুৰত দেওবাৰে সংঘটিত হয় এক ভয়াৱহ দুৰ্ঘটনা। চন্দ্ৰপুৰৰ বল্লাৰ শ্বাহ ৰেল ষ্টেচনত সন্ধিয়া প্ৰায় ৫ বজাত এখন ফুটব্ৰীজৰ স্লেব ভাঙি পৰাৰ ফলত এগৰাকী লোক নিহত হোৱাৰ লগতে ২০ গৰাকী আহত হয়।

এই ভয়াৱহ দুৰ্ঘটনাৰ সময়ত ফুটব্ৰীজখনৰ ওপৰেৰে বহু লোকে খোজ কাঢ়ি আছিল। অতৰ্কিতে ফুটব্ৰীজখন খহি পৰাৰ ফলত বহুকেইগৰাকী ব্যক্তি তলৰ ৰেলপথত বাগৰি পৰে।

ৰে’ল আৰক্ষীয়ে জানিবলৈ দিয়া মতে পুনে অভিমুখী ৰে’লত উঠিবলৈ বহু যাত্ৰীয়ে ফুটব্ৰীজেৰে তললৈ অহাৰ সময়তে হঠাতে এটা অংশ খহি পৰে। ফলত একাংশ লোক প্ৰায় ২০ ফুট তলৰ ৰেলপথত পৰি যায়।

Leave A Reply