Breaking

শিৱসাগৰ জিলা কংগ্ৰেছ কমিতিৰ উদ্যোগত “স্বাধীনতাৰ গৌৰৱময় যাত্ৰা” শীৰ্ষক এক পদযাত্ৰা…

0 71

শিৱসাগৰ জিলা কংগ্ৰেছ কমিতিৰ উদ্যোগত “স্বাধীনতাৰ গৌৰৱময় যাত্ৰা” শীৰ্ষক এক পদযাত্ৰা বাহিৰ । এই পদযাত্ৰাত প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী আৰু বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়াৰ অংশগ্ৰহণ ।

দেশে স্বাধীনতা লাভ কৰা ৭৫ বছৰ উপলক্ষে ৰাজ্যত কংগ্ৰেছৰ “স্বাধীনতাৰ গৌৰৱময় যাত্ৰা” আৰম্ভ হৈছে । এই যাত্ৰা বিগত ৯ আগষ্টৰ পৰা সমাগত ১৫ আগষ্ট পুৱা পৰ্যন্ত অব্যাহত ৰাখিব কংগ্ৰেছ দলে ।

শিৱসাগৰ জিলা কংগ্ৰেছ কমিতিয়ে নগৰখনত “স্বাধীনতাৰ গৌৰৱময় যাত্ৰা” শীৰ্ষক এক পদযাত্ৰা বাহিৰ কৰে । শিৱসাগৰৰ নাজিৰা চুণপোৰাৰ পৰা বেতবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত সমাপ্ত হয় এই পদযাত্ৰা ।

এই পদযাত্ৰাত প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী, বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া আৰু শিৱসাগৰ জিলা কংগ্ৰেছৰ সভাপতি মঞ্জিৰ গগৈকে ধৰি বহু নেতা, কৰ্মীয়ে “স্বাধীনতাৰ গৌৰৱময় যাত্ৰা”ত অংশ গ্ৰহণ কৰে ।

Leave A Reply