Breaking

হোজাই ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ত দুই অধ্যাপকৰ বিদায়ী সভা

0 2,194

হোজাই জিলাৰ উচ্চ শিক্ষাৰ ইতিহাসত ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয় তথা এসময়ৰ হোজাই মহাবিদ্যালয়ৰ ভূমিকা লেখত ল’বলগীয়া ৷ বিভিন্ন প্ৰত্যাহ্বানক নেওচি শৈক্ষিক ক্ষেত্ৰত আগবঢ়োৱা অৱদানে জনসাধাৰণৰ মাজত উচ্চ শিক্ষাৰ বাটকটীয়া হিচাপে পৰিগণিত হোৱা এইখন শিক্ষানুষ্ঠানৰ ভূমিকা সদায় ইতিহাসত স্মৰণীয় হৈ ৰ’ব ৷ ২০১৬ চনত অসম চৰকাৰে এই শিক্ষানুষ্ঠানখনক বিশ্ববিদ্যালয়লৈ উন্নীতকৰণ কৰাত জিলাখনৰ ৰাইজৰ লগতে ইয়াৰ দাঁতিকাষৰীয়া জিলাসমূহৰ জনসাধাৰণৰ মাজতো আনন্দ দেখা গৈছিল ৷ কিন্তু চৰকাৰে শেহতীয়াকৈ স্ব-পুঁজি অৰ্থাৎ চেল্ফ ফাইনেন্সৰ জৰিয়তে ছটা বিভাগত স্নাতকোত্তৰ শ্রেণীৰ নামভৰ্ত্তিৰ বিভাগীয় অনুমোদন প্রদান কৰা বিষয়টোৱে দুখীযা ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকসকলৰ আশাত চেঁচা-পানী পেলোৱা বুলি সচেতন ৰাইজে উদ্বেগ প্ৰকাশ কৰে লগতে চৰকাৰে শীঘ্ৰে উক্ত শিক্ষানুষ্ঠানখনক এখন পূৰ্ণাঙ্গ ৰাজ্যিক বিশ্ববিদ্যালয় হিচাপে উন্নীত কৰাৰ খৰতকীয়া ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী উত্থাপন কৰে ৷ এই শিক্ষানুষ্ঠানখনত বহুতো নমস্য ব্যক্তিয়ে   শিক্ষকতাক জীৱনৰ ব্রত হিচাপে লৈ সেৱা আগবঢ়াই এসময়ত অৱসৰ গ্ৰহণ কৰে ৷ ঠিক সেইদৰে যোৱা ডিচেম্বৰ মাহৰ ৩১ তাৰিখে চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰে দুজনকৈ অধ্যাপকে । শিক্ষকতাক জীৱনৰ সৰ্বোচ্চ ব্ৰত বুলি গণ্য কৰি সুদূৰ নলবাৰী জিলাৰ পৰা আহি ১৯৮৭  চনৰ ২৪ আগষ্টত  উদ্ভিদবিদ্যা বিভাগৰ অধ্যাপক হিচাপে চাকৰিত যোগদান কৰিছিল ড৹ দিবাকৰ গোস্বামীয়ে ৷ তেখেতৰ বিশাল ব্যক্তিত্বই ছাত্ৰ-ছাত্ৰী, শিক্ষক সমাজ তথা অভিভাৱকসকলৰ অন্তৰ জয় কৰাৰ উপৰিও প্ৰায় সকলো দল-সংগঠন তথা ৰাইজৰ হিয়াৰ আমঠু হিচাপে সমাদৰ লাভ কৰিছিল ৷ প্ৰায় ৩৩ বছৰ কাল  আগবঢ়োৱা সেৱাৰ বাবে তেখেতক হোজাইবাসীয়ে সদায় স্মৰণ কৰিব ৷ গোস্বামীয়ে  উদ্ভিদবিদ্যা  বিভাগৰ মুৰব্বী অধ্যাপক হিচাপে সেৱা আগবঢ়োৱাৰ উপৰিও ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ ভাৰপ্রাপ্ত শৈক্ষিক পঞ্জীয়ক হিচাপে সেৱা আগবঢ়ায় ৷ সেই একে দিনাই শিক্ষানুষ্ঠানখনৰ বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপক ড৹ হাইদৰ হুছেইনেও কৰ্মজীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰে ৷ ১৯৯২ চনৰ এক শুভ সন্ধিক্ষণত কৰিমগঞ্জ জিলাৰ পৰা আহি জীৱনৰ প্রায় ২৯ বছৰকাল শিক্ষকতা কৰি তেখেতে সহযোগী অধ্যাপক হিচাপে অৱসৰ গ্ৰহণ কৰে ৷ এই সুদীৰ্ঘকাল একাগ্ৰতা আৰু নিষ্ঠা সহকাৰে শৈক্ষিক উন্নতিকল্পে আগবঢ়োৱা সেৱাৰ বাবে অৱসৰপ্ৰাপ্ত দুয়োগৰাকী অধ্যাপকক  বিশ্ববিদ্যালয় কৰ্তৃপক্ষ, শিক্ষক সংস্থা আৰু অনা-শিক্ষক গোটৰ ফালৰ পৰা আনুষ্ঠানিকভাৱে বিদায় সম্ভাষণ জনোৱা হয় ৷ সভাপতি হিচাপে সভাখন পৰিচালনা কৰে শিক্ষক গোটৰ সভাপতি তথা ভাৰপ্রাপ্ত শৈক্ষিক পঞ্জীয়ক অধ্যাপক লক্ষণ পাটগিৰীয়ে। সভাখনত আৰু বহুতো অৱসৰপ্ৰাপ্ত অধ্যাপকে অংশগ্ৰহণ কৰি বিদায়ী অধ্যাপকদ্বয়ৰ ব্যক্তিত্ব সম্পৰ্কে সদৰী কৰে ৷ সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ড৹ অমলেন্দু চক্রৱৰ্তী। পুৱাৰ পৰা আৰম্ভ হোৱা সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে শিক্ষক গোটৰ সম্পাদক ড৹ উৎপল কুমাৰ ফুকনে ৷ দুপৰীয়া প্ৰীতি  ভোজনেৰে উক্ত বিদায়ী সভাখন সমাপ্ত হয় বুলি শিক্ষক গোটৰ সহকাৰী সম্পাদক ড৹ নজৰুল ইছলাম বৰভূঞাই এক প্ৰেছ বিজ্ঞপ্তিযোগে জানিবলৈ দিয়ে ৷ বিদায়ী অধ্যাপকদ্বয়ক শিক্ষক গোটৰ হৈ সম্ভৰ্ধনা জনায় ড৹ সুশীল দাস, ড৹ হৰিপ্রসাদ গোৱেঙ্কা, ড৹ সুজিত আচাৰ্য্যী, অধ্যাপিকা বন্তি দুৱৰা আৰু  ড৹ পল্লৱীতা দাসে ৷ বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ হৈ সম্বৰ্ধনা জনায় কাৰ্যকৰী পঞ্জীয়ক আৰু  উপাচাৰ্যই ৷ অনা-শিক্ষক গোটৰ হৈ  উক্ত দুয়োগৰাকী অধ্যাপকক চন্দ্রকান্ত কলিতা, মৃদুল নাথ আৰু তেওঁলোকৰ সহযোগীসকলে ৷ সভাখনত শলাগৰ শৰাই আগবঢ়ায় বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপিকা মনীষা শইকীয়াই ৷

Leave A Reply