Breaking

অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত অপৰাধ সংক্রান্তীয় এক বৈঠক

0 60

দীর্ঘদিনে নিষ্পত্তি নোহোৱাকৈ থকা গোচৰসমূহৰ তদন্ত প্ৰক্ৰিয়া ক্ষিপ্ৰ কৰি তুলিবলৈ আৰক্ষী আয়ুক্তালয়ৰ লগতে ৰাজ্যৰ সকলো জিলাৰ আৰক্ষীক আৰক্ষী সঞ্চালক প্রধানে নির্দেশ দিছে।

অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত বুধবাৰে অপৰাধ সংক্রান্তীয় এক বৈঠকত জিলাসমূহৰ অপৰাধজনিত গোচৰসমূহ বিস্তৃতভাবে পর্যালোচনা কৰি আৰক্ষী সঞ্চালকপ্ৰধানগৰাকীয়ে নিষ্পত্তি নোহোৱাকৈ থকা গোচৰসমূহৰ সংখ্যা হ্ৰাস কৰা, গোচৰ পঞ্জীয়ন, বিচাৰ প্ৰক্ৰিয়াত লোক অধিবক্তাক যথাযত সহযোগিতা আগবঢ়াই আদালতত দোষী সাব্যস্তকৰণৰ হাৰ বৃদ্ধি কৰা, সময়মতে সাক্ষীৰ উপস্থিতি নিশ্চিত কৰা আদি বিষয়সমূহত প্রয়োজনীয় পদক্ষেপ গ্ৰহণৰ বাবেও নির্দেশ জাৰি কৰে।

অপৰাধ অনুসন্ধান বিভাগৰ অতিৰিক্ত আৰক্ষী সঞ্চালকপ্ৰধানৰ লগতে মাণ্ডলিক আৰক্ষী মহাপৰিদৰ্শক আৰু উপ-আৰক্ষী মহাপৰিদৰ্শকৰ উপৰিও ৰাজ্যৰ জিলাসমূহৰ সকলো অতিৰিক্ত আৰক্ষী অধীক্ষক (অপৰাধ) আৰু গুৱাহাটীৰ উপ-আৰক্ষী আয়ুক্ত (অপৰাধ) উপস্থিত থকা এই বৈঠকত প্রতি মাহে এনে বৈঠক অনুষ্ঠিত কৰাৰ বাবেও সিদ্ধান্ত লোৱা হয়।

ৰাজ্যিক পৰ্য্যায়ৰ এনে বৈঠক আৰক্ষী মুখ্য কাৰ্য্যালয় অথবা অপৰাধ অনুসন্ধান বিভাগৰ কাৰ্য্যালয়ত অনুষ্ঠিত কৰাৰ বিপৰীতে জিলা পৰ্য্যায়ৰ বৈঠকসমূহ আৰক্ষী মহা-পৰিদৰ্শক অথবা উপ-আৰক্ষীৰ মহাপৰিদৰ্শকৰ কাৰ্য্যালয়ত অনুষ্ঠিত হ’ব।

বৈঠকত আৰক্ষী সঞ্চালক প্রধানে কয় যে যিসমূহ জিলাৰ পাৰদর্শিতা নিম্নমানৰ হ’ব তেনে জিলাসমূহে ইয়াৰ উপযুক্ত কাৰণসমূহ উপস্থাপন কৰি ব্যাখ্যা আগবঢ়াব লাগিব।

বৈঠকত সঞ্চালকপ্ৰধানগৰাকীয়ে লগতে তদন্ত সম্পূৰ্ণ নোহোৱা পুৰণি গোচৰসমূহৰ পুনৰ নীৰিক্ষণ, নিৰুদ্দেশ সম্পৰ্কীয় গোচৰসমূহৰ তদন্ত খৰতকীয়া কৰা, গ্ৰামাঞ্চলৰ অপৰাধজনিত কাৰ্য্যকলাপ ৰোধৰ ক্ষেত্ৰত গাঁওৰক্ষী বাহিনীৰ জৰিয়তে তথ্য আদি সংগ্ৰহ কৰা, গোচৰৰ তদন্তত বৈজ্ঞানিক পদ্ধতিৰ প্ৰয়োগ কৰা, থানাসমূহৰ তথ্যপাতি ডিজিটেলাইজ কৰা আদি বিষয়সমূহত গুৰুত্ব আৰোপ কৰি গোচৰসমূহৰ তদন্ত তিনি মাহৰ ভিতৰত সম্পূৰ্ণ কৰাৰো নিৰ্দেশ দিয়ে।

Leave A Reply