পাঠশালা আৰক্ষীৰ বৃহৎ সফলতা গ্ৰেপ্তাৰ কৰিলে ইৰাণী গ্রুপৰ এগৰাকী সদস্য

বজালী জিলাৰ পাঠশালা সদৰত বিগত কেইদিনমান ধৰি পাঠশালাৰ মাজমজিয়াত নিয়মিত ভাৱে হয় থকা বিভিন্ন ধৰণৰ চুৰি কাৰ্য্য সংঘটিত কৰি মূৰৰ কামুৰনি  হয় পাৰিছিল পাঠশালা আৰক্ষীৰ । পাঠশালা আৰক্ষীৰ চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নয়নজ্যোতি  ডেকাৰ নেতৃত্বত পাঠশালাত এই গ্রুপতোৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাই আহিছিল অৱশেষ  ৰাইজৰ সহযোগত পাঠশালাত আৰক্ষীৰ জালত পৰিল এগৰাকী ইৰাণী গ্রুপ ৰ সদস্য । জানিব পৰা অনুসৰি আজি দিনৰ ভাগত এই গ্ৰুপতোৰ দুজন সদস্য মহিলা এগৰাকীৰ পৰা চুৰি কাৰ্য্য সংঘটিত কৰিব অহাত জালত পৰিল এগৰাকী সদস্য । ধৃত চুৰটো নাম সাহু যাদব আৰু বিহাৰৰ কাঠিহাৰৰ  ইৰাণী গ্রুপৰ সদস্য বুলি জানিব পৰা গৈছে ।  সাহু যাদৱে   দীৰ্ঘ দিন ধৰি চুৰি কাৰ্য্য কৰি  সন্ত্ৰাস চলাই আহিছিল বজালীত । সাহু যাদবৰ পৰা আৰক্ষী চুৰি কাৰ্য্যৰ ব্যৱহৃত  সামগ্ৰী চুৰতোৰ পৰা জব্দ কৰে আৰক্ষীয়ে ।

Related Articles