Breaking

জোনালী নাথৰ হত্যা কাণ্ডৰ উচিত তদন্ত আৰু হত্যাকাৰীৰ দৃষ্টান্তমূলক শাস্তি বিচাৰি স্মাৰক পত্ৰ…

0 40

নিখিল ভাৰত গণতান্ত্রিক মহিলা সমিতি গোৱালপাৰা জিলা কমিটিয়ে দেশত সঘনে ঘটি থকা নাৰী নিৰ্যাতন, নাৰী হত্যা আদি ঘটনা সমূহত সদায় উদ্বেগ প্ৰকাশ কৰি আহিছে, শুকুৰবাৰে গোৱালপাৰা জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত হাতত বেনাৰ ফেষ্টুন আদি লৈ ‘জোনালী নাথক ন্যায় দিয়ক’, ‘নাৰী হত্যা বন্ধ কৰক’, ‘মহিলা সমিতি এক হওক’ আদি শ্লোগানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে।

কিছুদিন পূৰ্বে ঘটি যোৱা এছ আই জোনমণি ৰাভাৰ মৃত্যুক লৈ উত্তেজনা অব্যাহত থকাৰ সময়তে বিজেপিৰ গোৱালপাৰা জিলাৰ সম্পাদিকা জোনালী নাথৰ হত্যাকাণ্ডৰ পিছত নাৰী যে আজিৰ সমাজত মুঠেও নিৰাপদ নহয় সেই কথা দলটোৰ নেতৃবৰ্গ‌ই উল্লেখ কৰে।

জোনালী নাথৰ নৃশংস হত্যাকাণ্ডক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে নিখিল ভাৰত গনতন্ত্ৰ মহিলা সমিতিয়ে। উল্লেখ্য যে এই প্ৰতিবাদি কাৰ্যসূচীক সমৰ্থন কৰি বাম পন্থী নেতা ননী দাসে কয়, “জোনালী নাথৰ হত্যাকাণ্ডৰ দুঘন্টা পিছতে হত্যাকাৰীক আটক কৰি আৰক্ষীৰ শীৰ্ষ বিষয়াই গোৱালপাৰা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত সংবাদমেল যোগে যি মন্তব্য কৰিছিল সেয়া কেৱল আৰক্ষীয়ে বাঃ বাঃ লোৱাৰ বাবেহে, কিন্ত সেয়া অতি দুৰ্ভাগ্য জনক”৷

লগতে বামপন্থী নেতা গৰাকীয়ে গোটেই ঘটনাটোৰ উচিত তদন্ত কৰি দোষীক উপযুক্ত শাস্তি প্রদান কৰি জোনালী নাথৰ পৰিয়ালটোক ন্যায় প্রদান কৰিব লাগে বুলি দাবী জনায়। উল্লেখ্য যে বিজেপি নেতৃ জোনালী নাথৰ হত্যাকাণ্ডৰ হত্যাকাৰীক উচিত শাস্তি বিহাৰ লগতে ,সমগ্ৰ ঘটনাটোৰ উচিত তদন্ত কৰিবলৈ গোৱালপাৰা জিলা উপায়ুক্তৰ জৰিয়তে অসমৰ মুখ্য মন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ‌ও দাখিল কৰে নিখিল ভাৰত গনতন্ত্ৰ মহিলা সমিতিয়ে।

Leave A Reply