Breaking

দুৰ্যোগৰ সময়ত জীৱন আৰু সম্পত্তি কেনেদৰে ৰক্ষা কৰিব পাৰি তাৰ ওপৰত হোজাই ছোৱালী মহাবিদ্যালয়ত মক ড্ৰিল

0 2,096

হোজাই জিলা প্ৰসানৰ তত্বাৱধানত আৰু ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধীকৰণ তথা হোজাই জিলা দূৰ্যোগ ব্যৱস্থাপনা কতৃপক্ষৰ উদ্যোগত যিকোনো দুৰ্যোগৰ পৰা জনসাধাৰনৰ জীৱন আৰু সম্পত্তি কেনেদৰে ৰক্ষা কৰিব পাৰি তাৰ ওপৰত আজি হোজাই ছোৱালী মহা বিদ্যালয়ত এক মক ড্ৰিলৰ আয়োজন কৰা হয়।

এই কাৰ্য্যসূচীৰ বিষয়ে তথ্য আৰু জনসংযোগ বিষয়াই এক বিবৃতি জাৰি কৰে। হোজাই ছোৱালী মহাবিদ্যালয়ৰ অধ্যাপক অধ্যাপিকা আৰু ছাত্ৰীসকলৰ সন্মুখত মক ড্ৰিলৰ জৰিয়তে যি কোনো দুৰ্যোগৰ সময়ত নিজৰ লগতে আনৰো জীৱন কেনেকৈ ৰক্ষা কৰিব পাৰি তাৰ প্ৰদৰ্শন কৰা হয়। তাত বিশ্বমানদণ্ডৰ আধুনিক প্ৰযুক্তিগত উদ্ধাৰ ব্যৱস্থাৰ জৰিয়তে বাস্তবিক মগ ড্ৰিল প্ৰদৰ্শন কৰা হয়। এই মক ড্ৰিল কাৰ্য্যসূচীত হোজাই অগ্নি নিৰ্বাপক বাহিনী, আৰক্ষী প্ৰশাসন, স্বাস্হ্য বিভাগ, এচ ডি আৰ এফ, অসম পুলিছ ৰেডিঅ অৰ্গেনাইজেছন আৰু জিলা পৰিবহণ বিভাগ আদি কৰি সংশ্লিষ্ট বিভাগ সমূহে যৌথভাৱে অংশ গ্ৰহণ কৰে। এই মক ড্ৰিলত ইনছিডেন্ট কামাণ্ডাৰ হিচাপে উপস্থিত থাকি অতিৰিক্ত উপায়ুক্ত শ্রী গৌৰী শংকৰ দাসে কয় যে, দুদিনিয়া কাৰ্য্যসূচীৰে আয়োজন কৰা মক ড্ৰিলৰ উদ্দেশ্য হ’ল কেনেদৰে আমি যিকোনো দুৰ্যোগৰ পৰা আগতীয়াকৈ সাৱধানতা অৱলম্বন কৰিব পাৰি। তাৰোপৰিও দুৰ্যোগৰ সময়ত আঘাতপ্ৰাপ্ত ব্যক্তিক কিদৰে উদ্ধাৰ কৰি অতিসোনকালে চিকিৎসা প্ৰদান কৰা যায়। উল্লেখযোগ্য যে এই মক ড্ৰিলত কোনোধৰনৰ মোবাইল ফোনৰ ব্যৱহাৰ কৰা হোৱা নাছিল, তাৰ পৰিবৰ্ত্তে অনাতাঁৰ বাৰ্ত্তা ব্যৱস্থাৰে যোগাযোগ ব্যৱস্থা গঢ়া হৈছিল।

Leave A Reply