Breaking

টেটুৰ বাবেই চাকৰি পৰা বঞ্চিত এগৰাকী সাতটি সন্তানৰ মাতৃ। ক’লে মোৰ লগত অন্যায় কৰা হৈছে

0 90

‘মই এগৰাকী সাতটি সন্তানৰ মাতৃ আৰু মোৰ মুখখন টেটুৰে আবৃত – মোক কোনেও চাকৰি নিদিয়ে, মোৰ লগত অন্যায় কৰা হৈছে ! ৪৬ বছৰীয়া মেলিছা স্ল’নক মূৰৰ পৰা ভৰিলৈকে টেটু – প্লেবয় শহাপহু, ক্ৰে যমজ সন্তান আৰু কাৰ্টুন গাঞ্জাৰ পাতকে ধৰি বহু টেটু অংকন কৰিছে এইগৰাকী মহিলাই ।

টেটুৰ বাবেই মাতৃ গৰাকীয়ে এতিয়া লাভ কৰা নাই চাকৰি। এতিয়া মহিলাগৰাকী হতাশ হৈ নিজৰ প্ৰিয় টেটু আঁতৰোৱাৰ কথা চিন্তা কৰিছে। মহিলাগৰাকীয়ে মন্তব্য কৰি কয় – “মই যিকোনো কাম কৰিবলৈ ইচ্ছুক। বৰ্তমান লৈকে মোৰলৈ এটাও চাকৰিৰ অফাৰো অহা নাই।” “মই সকলোকে ভুল প্ৰমাণ কৰিব বিচাৰো।” ৱেলছৰ নাইটনৰ মেলিছাই কয় যে তেওঁ শৌচাগাৰ চাফা কৰাকে ধৰি যিকোনো কাম কৰিবলৈ ইচ্ছুক। যদি মহিলাগৰাকীয়ে সোনকালে কিবা এটা নাপায়, তেন্তে তেওঁ মুখৰ পৰা সকলো টেটু আঁতৰাই পেলাব।”

Leave A Reply