Breaking

পানীত জাহ গৈছে জেংৰাইমুখৰ জলসম্পদ বিভাগৰ কোটি টকীয়া প্ৰকল্প; অবিৰত খহনীয়াক লৈ চিন্তিত জেংৰাইমুখবাসী

0 53

মাজুলীৰ জলসম্পদ বিভাগে জেংৰাইমুখ টাউনৰ খহনীয়া প্ৰতিৰোধৰ বাবে ৰূপায়ণ কৰা তিনি কোটি টকীয়া বৃহৎ প্ৰকল্পত বৰ্তমান খহনীয়া আৰম্ভ হৈছে। জেংৰাই গাঁও পঞ্চায়তৰ অন্তৰ্গত বৰপমূৱা আৰু ইয়াৰ সংলগ্ন এলেকাৰ থকা সোৱণশিৰি নৈৰ খহনীয়া প্ৰতিৰোধ নামৰ প্ৰকল্প ২০১৯-২০ বিত্তীয় বৰ্ষত তিনি কোটি টকীয়া অত্যাধুনিক জিঅ’বেগ ৰূপায়ণ কৰে।

আঁচনিৰ প্ৰাককলণমতে ১২শ মিটাৰ দৈৰ্ঘ্যৰ অংশত এই অত্যাধুনিক জিঅবেগ ৰূপায়ণ কৰা হৈছিল যদিও প্ৰকল্প সম্পূৰ্ণ কৰাৰ তিনি বছৰৰ পিছত পুনৰ ভয়ংকৰ খহনীয়া আৰম্ভ হোৱালৈ লক্ষ্য ৰাখি গভীৰ ভাৱে চিন্তিত হৈ পৰিছে জেংৰাইমুখবাসী ৰাইজে।

শেহতীয়াকৈ নেৰানেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰকে ধৰি সোৱণশিৰি, লোহিত তথা খেৰকটীয়া নৈত ফেনেফোটোকাৰে বৃদ্ধি পোৱা জলস্তৰৰ বাবে মাজুলীৰ বিভিন্ন ঠাইত খেতি পথাৰ সম্পূৰ্ণৰূপে পানীৰ তল যোৱাৰ সমান্তৰালভাৱে স্পৰ্শকাতৰ অংশ জেংৰাইমুখত খহনীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে।

উল্লেখ্য যে,যোৱা ২০২২ চনত জেংৰাইমুখ তিনিআলিৰ কুমাৰবাৰী অংশত ভয়ংকৰ খহনীয়া হোৱাৰ পিছত চলিত বৰ্ষৰ জুলাইত পুনৰ একেটা স্থানত তীব্ৰ খহনীয়াই ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি কৰে।

বৰ্তমান উক্ত অংশত সাময়িকভাৱে খহনীয়া স্থৱিৰ হৈ আছে যদিও ইয়াৰ পৰা নামনিলৈ প্ৰায় ৩০/৪০ মিটাৰ দৈৰ্ঘ্যৰ অংশত খহনীয়া আৰম্ভ হোৱাত জেংৰাইমুখ টাউনৰ চৌদিশে এতিয়া খহনীয়াৰ উকমুকণিয়ে অদূৰ ভৱিষ্যতে হ’ব পৰা সম্ভাব্য পৰিস্থিতিক লৈ এতিয়া শংকাৰ সৃষ্টি হৈছে।

বৰ্তমানৰ এই খহনীয়া পৰিস্থিতিক নিয়ন্ত্ৰণৰ বাবে ৰাজ্যিক জলসম্পদ বিভাগ মাজুলী সংমণ্ডলে অত্যাধুনিক জিঅবেগ পেলাই খহনীয়া প্ৰতিৰোধৰ বাবে ব্যৱস্থা হাতত লৈছে যদিও পুনৰ জেংৰাইমুখ টাউনৰ সন্মুখভাগ খহনীয়া হোৱাত বিভাগটোৰ সম্পূৰ্ণ ব্যৰ্থতাৰ ছবিয়ে প্ৰকাশ পাইছে৷ সেয়ে সচেতন ৰাইজে শীঘ্ৰে খহনীয়া ৰোধৰ বাবে উন্নত পদক্ষেপ হাতত ল’বলৈ দাবী জনাইছে।

Leave A Reply