Breaking

এদল প্ৰতিভা সম্পন্ন যুৱক-যুৱতীৰ প্ৰচেষ্টাত নিৰ্মাণ এখন নতুন অসমীয়া কথাছবি ! “টিলিকা গুণ্ডা”ৰ প্ৰথম পৰ্যায়ৰ দৃশ্যগ্ৰহণ পূৰ্ণগতিত…

0 40

এদল প্ৰতিভা সম্পন্ন যুৱক-যুৱতীৰ প্ৰচেষ্টাত নিৰ্মান হৈছে এখন নতুন অসমীয়া কথাছবি
“টিলিকা গুণ্ডা”ৰ প্ৰথম পৰ্যায়ৰ দৃশ্যগ্ৰহন পূৰ্ণগতিত

এদল উদীয়মান যুৱক-যুৱতীৰ প্ৰচেষ্টাত নিৰ্মাণ হৈছে এখন নতুন অসমীয়া কথাছবি। কামৰূপ আৰু মৰিগাঁও জিলাৰ লগতে মেঘালয়ৰ বিভিন্ন লোকেচনত হৈ আছে কথাছবিখনৰ প্ৰথম পৰ্যায়ৰ দৃশ্যগ্ৰহণ ৷ এক তাৎপৰ্যপূৰ্ণ বিষয় এই যে এই কথাছবিখন দেখা পোৱা যাব বৰ্তমানৰ গোভা দেওঁৰজা দিপচিং দেওঁৰজা আৰু পশ্চিম নগাঁও দেওঁৰজাকো ৷ ঐতিহাসিক ৰজাৰ এই দৃশ্যায়নে এক অনন্য মাত্ৰা প্ৰদান কৰিব ছবিখনত ৷ অসমীয়া কথাছবিখনৰ নাম হৈছে “টিলিকা গুণ্ডা“ ৷ পৃথিৱী ক্ৰিয়েচনৰ বেনাৰত নিৰ্মাণ হোৱা ছবিখনৰ কাহিনী-চিত্ৰনাট্যৰ লগতে ছবিখনৰ পৰিচালনাৰ দায়িত্বত আছে তুলসী মান্তা ৷

অজিত কুমাৰ বৰদলৈয়ে মূখ্য সহকাৰী পৰিচালকৰূপে কাম কৰা ছবিখনত চিত্ৰগ্ৰহণ কৰিছে বিশ্বজিত কোঁৱৰে ৷ পোহৰত বিপুল আৰু ৰূপসজ্জাত আছে প্ৰনামিকা ডেকা । ছবিখন মূখ্য চৰিত্ৰত অভিনয় কৰিছে এটি ৯ বছৰীয়া কনমানি শিশু ভূৱঞ্চি মান্তাই ৷ ছবিখনৰ আন আন চৰিত্ৰত অভিনয় কৰিছে প্ৰিন্স দিপু, অজিত কুমাৰ বৰদলৈ, নৱজিত বসুমতাৰী, অংকিতা বড়ো, সাগৰ দেউৰী, মাৰ্কপল, ড° ৰাজীৱ দলৈ, অমৃতজ্যোতি ডেকা, উষাৰানী দত্ত,

মুম্বাইৰ ছৈয়দ আফজল আলী, আব্দুল খালেক আৰু তুলসী মান্তাৰ লগতে ভালেসংখ্যক কন কন শিশুৰ লগতে বহুতো ন-পুৰনি অভিনেতা-অভিনেত্ৰীয়ে। পৰিয়ালৰ সকলোৰে বাবে উপভোগ্য কথাছবিখন হ’ব হাস্যধৰ্মী, একচন, চাচপেন্সেৰে ভৰপূৰ এখন মনোৰঞ্জনধৰ্মী ছবি ৷ কেইজন শিশুৱে কিদৰে এখন ৰাজ্যৰ জনতাক ৰক্ষা কৰিব তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে কথাছবিখনৰ কাহিনী ভাগত ৷ নৱপ্ৰজন্মৰ এদল প্ৰতিভাসম্পন্ন যুৱক-যুৱতীৰ দ্বাৰা নিৰ্মিত ছবিখন এখন সফল ছবি কৰি গঢ়ি তুলিবলৈ আপ্ৰাণ চেষ্টা অব্যাহত ৰাখিছে ছবিখনৰ লগত জৰিত কলা-কুশলী সকল ৷

Leave A Reply