Breaking

গণিতৰ জগতত এটি নতুন সুত্ৰৰ সংযোজন বৰপেটাৰ গণিতজ্ঞ নৌচাদ আলীৰ ।পাটিগণিত আৰু জ্যামিতিৰ ওপৰতো তত্ব উদ্ভাৱন।শীঘ্ৰেই প্ৰকাশ পাব গ্ৰন্থ।

0 2,292

গণিতৰ জগতত আন এক নতুন সুত্ৰৰ সংযোজন কৰি বিশ্বৰ ভিতৰতে প্ৰথম সূত্ৰ উদ্ভাৱনৰ দাবী কৰিছে বৰপেটাৰ গণিতজ্ঞ নৌচাদ আলীয়ে । ২০১৭ বৰ্ষতে উদ্ভাৱন কৰা এই সুত্ৰটো সবিস্তাৰে প্ৰমাণ কৰি অলপতে এখন গ্ৰন্থও উলিয়াইছে। এই গ্ৰন্থখন অচিৰেই প্ৰকাশ পাব। এই গ্ৰন্থখনত তেওঁৰ উদ্ভাৱিত সুত্ৰৰ যোগেৰে সপ্তম, অষ্টম, নৱম আৰু দশম শ্ৰেণীৰ পাঠ্যক্ৰমত থকা জটিল সুত্ৰৰ সহজ আৰু বাস্তৱধৰ্মী ৰূপ দিছে বুলি জানিবলৈ পোৱা গৈছে। পাটিগণিত আৰু জ্যামিতিৰ ওপৰতো তত্ব উদ্ভাৱন কৰি ছাত্ৰ ছাত্ৰীয়ে অধ্যয়ন কৰা পাটিগণিত আৰু জ্যামিতিত অনেক ভুল থকাৰ কয় । পাঠ্যপুথি প্ৰস্তুতিত বিষয় জ্ঞান নথকা গণিতজ্ঞ জড়িত থকাৰ অভিযোগ তুলি গণিতজ্ঞ নৌচাদ আলীয়ে প্ৰমাণ হিচাপে অষ্টম শ্ৰেণীৰ গণিতৰ পাঠ্যপুথিৰ অধ্যায় ৮ত থকা পৰিমাণৰ তুলনা আৰু অধ্যায় ১১ ত জ্যামিতিৰ লেখকৰ কথা দাঙি ধৰে। । তেওঁৰ মৌলিক সংখ্যা নিৰ্ণয়ৰ সুত্ৰমতে যদি এটা বাস্তৱিক সংখ্যা n>1, 2n_2 ৰ উৎপাদক হয় তেন্তে n এটা মৌলিক সংখ্যা হয়। পূৰ্বব মতে, যদিহে কোনো এটা সংখ্যাৰ মাত্ৰ দুটাহে উৎপাদক 1 আৰু সেই সংখ্যাটো নিজে হয়, তেন্তে সেই সংখ্যাাটো মৌলিক সংখ্যা হয়। তেওঁৰ মতে এতিয়াালৈকে মৌলিক সংখ্যা নিৰ্ণয়ৰ কোনো সুত্ৰ এতিয়ালৈকে উলিওৱা হোৱা নাই। গণিতৰ জগতত এইটোৱে প্ৰথম সুত্ৰ যাৰ জড়িয়তে মৌলিক সংখ্যা নিৰ্ণয় কৰিব পৰা যায়। এই সু্ত্ৰ সম্বলিত এখন গ্ৰন্থ প্ৰকাশ কৰি উলিয়াইছে যিখনে আনুষ্ঠানিকভাৱে অলপতে উন্মোচন হব । ইয়াকে লৈ চৌদিশে আলোড়ন সৃষ্টি হৈছে। গণিতজ্ঞ নৌচাদ আলীৰ নতুন সুত্ৰ প্ৰকাশে শিক্ষাৰ্থীক উপকৃত কৰিব বুলি আশা প্ৰকাশ কৰে। এই সুত্ৰৰ মাধ্যমত ছাত্ৰ ছাত্ৰী, গণিতজ্ঞৰ বহু ভুলৰ সংশোধন হব বুলিও আত্মবিশ্বাস তেওঁৰ। বিগত ৪০ বছৰৰ সাধনাৰ ফলত এই সুত্ৰ আবিস্কাৰ কৰা সম্ভৱ হৈছে বুলি কয়। বৰপেটাৰ সৰ্থেবাৰীৰ অন্তৰ্গত চতলা গাওঁৰ চিন্তাবিদ তথা গণিতজ্ঞ নৌচাদ আলীৰ এই সুত্ৰৰ উদ্ভাৱনে ব্যাপক চৰ্চাৰ সৃষ্টি কৰিছে সমগ্ৰ ৰাজ্যত। মৌলিক সংখ্যা নিৰ্ণয়ৰ ওপৰত উদ্ভাৱন কৰা এই সুত্ৰটোৱে গণিতৰ জগতত তোলপাৰ লগাইছে। এই সুত্ৰটোৱে ছাত্ৰ ছাত্ৰীৰ সময় ৰাহি কৰোৱাৰ লগতে বৌদ্ধিক বিকাশত সহায় কৰাৰ লগতে এক বিপ্লৱৰ সূচনা কৰিব বুলি বৰপেটাৰ ভেল্লাৰ সাংবাদিক আজিজুল হক আগত মতপোষণ কৰে গণিতজ্ঞ নৌচাদ আলীয়ে। । দেশৰ গণিতজ্ঞসকলোক এই সুত্ৰটো ভালকৈ গবেষণা কৰাৰ লগতে সকলোকে এই সুত্ৰটো আদৰি লবলৈ আহ্বান জনায় তেওঁ। যদি তেওঁৰ এই সুত্ৰটো শুদ্ধ হয় তেন্তে গণিতৰ জগতত তেওঁৰ লগতে অসমৰ নাম উজলি থাকিব বুলি ৰাইজে আশাব্যক্ত কৰে। উল্লেখযোগ্য যে যি সময়ত ৰাজনীতি, সমাজনীতি আদিত সাধাৰণ ৰাইজ ব্যতিব্যস্ত হৈ পৰিছে সেই সময়তে এইগৰাকী বিৰল প্ৰতিভাই মগ্ন হৈ পৰিছে গণিতৰ নতুন নতুন তথ্য আৱিষ্কাৰ কৰাত। গণিতৰ নতুন নতুন সুত্ৰ আবিস্কাৰ কৰি কি দৰে ছাত্ৰ ছাত্ৰীক উপকৃত কৰিব পাৰি তাৰ চিন্তাত নিমগ্ন হৈ আছে এই গৰাকী গণিতজ্ঞই। দীৰ্ঘদিনীয়া গভীৰ চিন্তা, সাধনা তথা গৱেষণা কৰি তেওঁ অৱশেষত সফল হোৱাৰ দিশত । যিটোৰ জৰিয়তে অধ্যয়নৰত ছাত্ৰ ছাত্ৰীৰ লগতে গণিতজ্ঞসকলো উপকৃত হোৱাৰ সম্ভাৱনা প্ৰকট। গণিতজ্ঞ নৌচাদ আলীৰ এই অৱদানে গণিতৰ জগতত কেনে ধৰণৰ বিপ্লৱ আনে সেইয়া লক্ষণীয় হব। 

Leave A Reply