Breaking

বৰপেটা মেডিকেল কলেজৰ কতৃপক্ষৰ ভুলৰ বাবে ঘটিল এক বেদনাদায়ক ঘটনা। এফালে প্ৰাপ্তিৰ আনন্দ, আনফালে হেৰুওৱাৰ বেদনা ৷

0 60

এগৰাকী মাতৃয়ে জন্মৰ ৩ বছৰৰ পিছতহে দেখিলে নিজ সন্তানৰ মুখ। ৩ বছৰে নিজ মাতৃৰ বুকুৰ উমৰ পৰা বঞ্চিত হ’বলগা হ’ল এটা সন্তান।চিনেমাৰ কাহিনী যেন লাগিলেও কিন্তু এইখন অসমৰে এক সঁচা ঘটনা পোহৰলৈ আহিছে৷এগৰাকী মাতৃয়ে জন্মৰ ৩ বছৰ পিছতহে দেখিলে নিজ সন্তানৰ মুখ৷বৰপেটা মেডিকেল কলেজ হাস্পতাল কৰ্তৃপক্ষৰ ভুলৰ বাবেই এক অবাঞ্ছিত পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হ’ল এটি কণমানি শিশু৷হাস্পতালৰ ভুলৰ বাবেই জন্মৰ পিছৰ পৰা ৩ বছৰে যাৰ কোলাত ডাঙৰ দীঘল হ’ল সেই শিশুটোৱে আজি সেই পিতৃ-মাতৃৰ পৰিৱৰ্তে আন এক অচিনাকি তথা প্ৰকৃত পিতৃ-মাতৃৰ সৈতে যাবলৈ বাধ্য হৈ পৰিল৷

বৰপেটাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে এক ৰায় যোগে এগৰাকী মহিলাক জন্মৰ ৩ বছৰ পিছত মৃত সন্তানৰ পৰিৱৰ্তে ওভোতাই দিলে পুত্ৰ সন্তান৷ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি,২০১৯ চনৰ ৩ মে’ত বৰপেটাৰ নাজমা খানমা নামৰ এগৰাকী গৰ্ভৱতী মহিলাই বৰপেটা মেডিকেল কলেজ হাস্পতালত জন্ম দিছিল এটি পুত্ৰ সন্তান৷সুস্থ অৱস্থাত জন্ম পোৱা শিশুটো শিশুসকলক ৰখা কোঠাত থকাৰ পিচতে হাস্পতাল কৰ্তৃপক্ষই পিচদিনাখন শিশুটোৰ মৃত্যু হোৱা বুলি পিতৃক জনায়৷

ইয়াৰ পিচতে বলপূৰ্বকভাৱে শিশুটোৰ মৃতদেহ হাস্পতালৰ কৰ্তপক্ষই পিতৃৰ হাতত গটাই দিয়ে৷কিন্তু দম্পতীহালে সুস্থ অৱস্থাত থকা তেওঁলোকৰ পুত্ৰ সন্তানটো কোনোপধ্যে মৃত্যু হ’ব নোৱাৰে বুলি হাস্পতাল কৰ্তৃপক্ষক পতীয়ন নিয়াব বিচাৰে যদিও হাস্পতাল কৰ্তৃপক্ষই দম্পতীহালৰ কথাত গুৰুত্ব নিদিলে৷ফলত দম্পতিহালে বৰপেটা সদৰ থানাত ঘটনাটোক লৈ গোচৰ ৰুজু কৰি সমগ্ৰ ঘটনাৰ তদন্ত দাবী কৰে৷অৱশেষত আদালতত উন্মোচিত হ’ল ঘটনাৰ প্ৰকৃত ৰহস্য৷

আদালতে জনালে দুগৰাকী মাতৃৰ নামৰ সাদৃশ্যৰ বাবেই এনেদৰে এটা সন্তানে নিজ মাতৃৰ বুকুৰ উমৰ পৰা বঞ্চিত হ’বলগা হ’ল৷ইয়াৰ পিছতে ৩ বছৰৰ পিচত বৰপেটাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে DNA পৰীক্ষাৰ প্ৰতিবেদন অনুসৰি নাজমা খানম নামৰ মাতৃগৰাকীৰ হাতত গোসাইগাঁৱত আন এগৰাকী মাতৃৰ কোলাত ডাঙৰ দীঘল হোৱা ৩ বছৰীয়া সন্তানটো তুলি দিলে৷

Leave A Reply