Breaking

নগৰবেৰাত বিধ্বস্ত যাতায়তৰ পুতৌজনক ছবি, সাঙীৰে ৰোগীক চিকিৎসালয়লৈ

0 2,040

কামৰূপৰ বকো সমষ্টিৰ নগৰবেৰাত বিধ্বস্ত যাতায়তৰ এক পুতৌজনক ছবি ,এম্বুলেন্সৰ সলনি ৰোগীক সাঙীৰে নিলে চিকিৎসালয়লৈ। নিঃসন্দেহে ৰাজ্যত যাতায়ত ব্যৱস্থা পূৰ্বতকৈ যঠেষ্ট সুগম-সুচল হৈছে যদিও বহু ভিতৰুৱা গ্ৰামাঞ্চলত আজিও চকুত পৰে দুৰ্গম যাতায়তৰ কেতবোৰ কৰুণ ছবি। নগৰবেৰাৰ ৰাজপথত আজি তেনে এক পুতৌজনক ছবি দৃষ্টিগোচৰ হয়। চাৰি আত্মীয়ই সাঙী এখনত তুলি চিকিৎসালয় অভিমুখে খৰখেদাকৈ খোজ দিছে এগৰাকী ৰোগী লৈ। নগৰবেৰাৰ পাৰ্শ্চৱৰ্তী দক্ষিণ বৰপেটাৰ চৰাঞ্চলত আজিও অব্যাহত বাট-পথৰ শোচনীয় অৱস্থা, তাতে আকৌ শেহতীয়া বানপানীয়ে বিধ্বস্ত কৰি গ’ল প্ৰতিটো পথ,যান-বাহন দূৰৰে কথা, বোকাময় পথত খোজকাঢ়ি যোৱাটোও জটিল। তেনেস্থলত ফোন কৰিলেও গাঁৱলৈ নাযায় এম্বুলেন্স ,ফলত বাঁহৰ সাঙীৰ গত্যান্তৰ নাই। প্ৰথমে নাঁৱত তুলি ৰোগীক পুনৰ সাঙী এম্বুলেন্সত প্ৰায়ে নিয়া হয় চিকিৎসালয় অভিমুখে। আজিও কাছুমাৰা অঞ্চলৰ খোলাবান্ধা (পাঠিমাৰী)গাঁৱৰ জাহিদুল নামৰ মুমুৰ্ষ ৰোগী জনক চাৰিজনে সাঙীৰে নিবলগীয়া হয় চিকিৎসালয়লৈ। ৰাইজৰ প্ৰশ্ন-অসম মুলুকত এনেবোৰ কৰুণ ছবি আঁতৰিব কেতিয়া ? উন্নত হ’বনে ভিতৰুৱা গাঁৱৰ ৰাস্তা-ঘাট সমূহ ?

Leave A Reply