Breaking

জামুগুৰিহাটৰ মধুপুৰত মহেশ্বৰ বৰাৰ সোৱৰণত শিশুৰ মনোজ্ঞ অনুষ্ঠান অনুষ্ঠিত

0 167

জামুগুৰিহাট,১৬ নবেম্বৰ : বৃহত্তৰ জামুগুৰিহাটৰ মধুপুৰ গাৱৰ সমাজ কৰ্মী মহেশ্বৰ বৰাৰ সোঁৱৰণত শিশু দিৱসৰ লগত সংগতি ৰাখি কালি এখনি শিশু প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায় । এগৰাকী সমাজ কৰ্মী শংকৰী কলা কৃষ্টিৰ সাধক ৰুপে খ্যাত মহেশ্বৰ বৰাৰ পুত্ৰ জোন বৰাৰ উদ্যোগত মধুপুৰ মহিলা গাঁও উন্নয়ণ সমিতিৰ সহযোগত অনুষ্ঠিত হোৱা এই শিশুৰ প্ৰতিযোগিতা খনত ঘোষা,আধুনিক গীত, জ্যোতি সংগীত, আধুনিক নৃত্য, ভেশচন আদি বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ লগতে টেকেলি ভঙা, সংগীত চকী, উঠা বহা, কাবাডি খেলো অনুষ্ঠিত হয়। প্ৰয়াত মহেশ্বৰ বৰাৰ স্মৃতিৰ বন্তি জ্বলাই পম্পী বৰাৰ বৰগীতৰে মুকলি কৰা প্ৰতিযোগিতা খনিত সঞ্চালকৰ আসন অলংকিত কৰে শৈলেন বৰাই। মধুপুৰ মহিলা গাঁও উন্নয়ণ সমিতিৰ সম্পাদিকা সুৰ্বণ বৰাই আত ধৰা এই অনুষ্ঠানত বিচাৰক হিচাপে উপস্থিত থাকে মৰনা কুৰি গাঁৱৰ গাঁওবুঢ়া বিভিন্ন শিশু অনুষ্ঠানৰ লগত জড়িত ব্যক্তি মৰনাকুৰি মইনা পাৰিজাতৰ সভাপতি প্ৰেম কান্ত শইকীয়াৰ লগতে বাৰেচহৰীয়া মহিলা সভাৰ সাংস্কৃতিক সম্পাদিকা চিন্তা মনি হাজৰিকা। প্ৰয়াত মহেশ্বৰ বৰাই জীবিত অৱস্থাত শিশু সকলৰ লগত খেলা ধুলা উপৰিও বিভিন্ন প্ৰতিযোগিতা তেওঁ নিজাববিয়াকৈ অনুষ্ঠিত কৰি আহিছিল যদিও মৰোনোত্তৰ কালত বৰাই কৰি ভাল পোৱা কিছু স্মৃতি যুগমীয়া কৰিবৰ কাৰনে সাংবাদিক পুত্ৰ জোন বৰাই প্ৰতিযোগিতাৰ সামন্তৰালকৈ এখনি মুল সভাও অনুষ্ঠিত কৰে। ৰিংকি মনি বৰাই এটি বৰগীতৰে আৰম্ভ কৰা সভা খনত সভাপতিত্ব কৰে মধুপুৰ গাঁও উন্নয়ণ কমিতিৰ সভাপতি ৰত্নেশ্বৰ বৰাই।শোণিতপুৰ জিলা মইনা পাৰিজাতৰ সম্পাদক সংগ্ৰাম ৰতন ৰাজবংশী নিদিষ্ট বক্তা হিচাপে উপস্থিত থাকি শিশু সকলৰ এই অনুষ্ঠানত বহল বক্তিতাৰে শিশু সকলক আকৰ্ষণ কৰে।উক্ত সভাত মধুপুৰ মহিলা সকলে দিহা নাম শিশু সকলৰ সমবেত সংগীত বিভিন্ন নাচ গানৰ লগতে আমন্ত্ৰিত শিশু শিল্পী বিশালতা নন্দা ৰাজবংশীৰ গীতৰে অনুষ্ঠানটি মনোজ্ঞ কৰি তোলে। উল্লেখ্য যে প্ৰয়াত মহেশ্বৰ বৰা ২০১৯ বৰ্ষৰ ২৬ অক্টোবৰৰ দিনা কৰ্মস্থানৰ পৰা ঘৰলৈ ঘুৰি অহাৰ পথত উচ্চ ৰক্ত চাপত আক্ৰান্তহৈ পথৰ কাষতে তেখেতে মৃত্যুক আঁকোৱালি লব লগা হৈছিল। প্ৰয়াত সমাজকৰ্মীগৰাকীৰ সোৱৰণীত অনুষ্ঠানটিত জোনা শইকীয়া, সুৰ্বণ বৰা, পিঞ্জুম হাজৰিকাই শিশু সকলৰ সামাজিক অৱদানৰ বিষয়ে এক চমু আলোকপাত কৰে। নদুৱাৰ প্ৰেছ ক্লাৱৰ সভাপতি ফণিন্দ্ৰ বৰুৱা, ৰাজমনি ভূঞাঁকে প্ৰমূখ্য কৰি বহুকেই জন সাংবাদিক,সমাজ কৰ্মী উপস্থিত থকা সভা খনৰ শেষত জোন বৰাই সকলোকে শলাগ লৈ সভা সামৰণী কৰে।

Leave A Reply