Breaking

জামুগুৰিহাটৰ কিশোৰী ধৰ্ষণকাৰী আৰক্ষী জোৱানক কাৰাগাৰলৈ প্ৰেৰণ

0 96

জামুগুৰিহাট

জামুগুৰিহাটৰ লুঙিবজাৰত লকডাউনৰ মাজতেই এগৰাকী কিশোৰীক ধৰ্ষণ কৰা ১১নং বেটেলিয়নৰ আৰক্ষী জোৱান ফুলেন ডেকাক মঙলবাৰে কাৰাগাৰলৈ প্ৰেৰণ কৰে৷ কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকৰ এজাহাৰৰ ভিত্তিত ঘটনা সন্দৰ্ভত তদন্ত কৰি আৰক্ষীয়ে  ভাৰতীয় দণ্ডবিধি আইনৰ ৩৭৬ আৰু আৰডব্লিউ ছিকছন ৪ৰ প’ছক’ আইনৰ অধীনত ২৩/২০ নম্বৰত গোচৰ ৰুজু কৰি কিশোৰী ধৰ্ষণকাৰী অভিযুক্ত জোৱানজনক কাৰাগাৰলৈ প্ৰেৰণ কৰে৷ উল্লেখ্য যে যোৱা ৩ মে’ত লুঙি বজাৰত থকা জামুগুৰি আৰক্ষী থানাৰ অস্থায়ী শিবিৰৰ ১১ নং বেটেলিয়নৰ কৰ্মৰত জোৱান ফুলেন ডেকাই বতিয়ামাৰী ভৈৰৱীৰ ১৫ বছৰীয়া এগৰাকী কিশোৰীক ফুচুলাই নি লুঙি বজাৰৰ সমীপত ধৰ্ষণ কৰিছিল৷

Leave A Reply