Breaking

সোণৰ কণীৰ কাহিনী নিশ্চয় কিতাপত পঢ়িছে! কিন্তু, কেতিয়াবা দেখিছেনে সোণৰ কণী…

0 18

সোণৰ কণীৰ কাহিনী নিশ্চয় কিতাপত পঢ়িছে! কিন্তু, কেতিয়াবা দেখিছেনে সোণৰ কণী। আজি কম সোণৰ কণীৰ বিষয়ে। আমি হয়তো সোণৰ কণী পৰা কুকুৰাৰ কাহিনী নিশ্চয়কৈ কিতাপত পঢ়িছো। কিন্তু আপুনি কেতিয়াবা সোণৰ কণী দেখি পাইছেনে? আজি আপোনালোকক কম সোণৰ কণীৰ কাহিনী।

এই কাহিনী জম্মু-কাশ্মীৰৰ, জম্মু-কাশ্মীৰৰ সোপোৰেৰ মালপোৰা গাঁৱত মছজিদ নিৰ্মাণৰ বাবে ধন সংগ্ৰহৰ অভিযান আৰম্ভ কৰিছিল। এজন দুখীয়াই তেওঁৰ হৈ মছজিদ কমিটীক এটা কণী দান কৰিলে আৰু পিছত এই কণীটো লাখ লাখ টকাত বিক্ৰী হৈছিল।

আচলতে জম্মু-কাশ্মীৰৰ সোপোৰেৰ মালপোৰা গাঁৱত মছজিদ নিৰ্মাণৰ বাবে ধন সংগ্ৰহৰ অভিযান আৰম্ভ হৈছিল। মছজিদ নিৰ্মাণৰ বাবে মানুহে যি পাৰে তাকে দান কৰিছিল।

এক প্ৰতিবেদনত অনুসৰি এজন দৰিদ্ৰ লোকে মছজিদ কমিটীক এটা কণী দান কৰিছিল। মছজিদ কমিটীয়ে দান হিচাপে গ্ৰহণ কৰে কণীটো। কমিটীয়ে এই কণীটো নিলাম কৰাৰ সিদ্ধান্ত লয়। এই দান কৰা কণীটো গাঁৱৰ ৰাইজৰ বাবে এক প্ৰধান আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিল। এই কণীটোৰ দাম দহটকাতকৈ বেছি নহ’লহেঁতেন যদিও নিলামত ইয়াৰ বাবে নিলামকাৰীৰ অভাৱ নাছিল। প্ৰতিবেদন অনুসৰি এই কণীটো বহু লোকৰ হাতৰ মাজেৰে পাৰ হৈ গ’ল। আচলতে ইয়াক কেইবাবাৰো নিলাম কৰা হৈছিল। প্ৰতিটো নিলামৰ পিছত ক্ৰেতাই অধিক ধন সংগ্ৰহ কৰিবলৈ আকৌ নিলামৰ বাবে ঘূৰাই দিছিল।

প্ৰতিবেদন অনুসৰি স্থানীয় লোকে কয় যে অৱশেষত এজন মানুহে কণীটো ৭০ হাজাৰত কিনিছিল। বাৰে বাৰে কণী নিলামৰ পৰা সংগ্ৰহ কৰা মুঠ ধনৰাশি আছিল প্ৰায় ২.২ লাখ।

Leave A Reply