Breaking

নিজৰ সমস্ত সাচতীয়া ধন খৰচ কৰি সম্প্ৰতি লাওলোৱা এজন প্ৰকৃত কৃষক

0 2,065

উচ্চ শিক্ষিত যুৱকৰ মৰ্মবেদনাই সকলোকে মৰ্মাহত  কৰি তুুলিছে । চাকৰিৰ মোহ ত্যাগ কৰি কৃষি কাৰ্যৰে নিজকে স্বাৱলম্বী কৰি তোলাৰ লক্ষ্যৰে নিজৰ সমস্ত সাচতীয়া ধন কৃষি কৰ্মত লগাই আজি তেনেই লাওলোৱা এইজন উচ্চ শিক্ষিত যুৱক । উল্লেখযোগ্য যে অসম অৰুণাচল সীমান্তৰ ছিজুছাৰ তালৰ টেচী নামৰ এইজন উচ্চ শিক্ষিত যুৱকে নিজকে স্বাৱলম্বী কৰি তোলাৰ লক্ষ্যৰে বিগত ২০১৯  চনত ছিজুছাৰ মনাইত ২৫ বিঘা মাটিত আৰম্ভ কৰে নেমু খেতি । নিজৰ সাচতীয়া ধনৰ উপৰিও স্হানীয় বিভিন্ন উৎসৰ পৰা কেইবা লাখ টকা ধাৰে লৈ  পাহাৰ ভাঙি আৰম্ভ কৰে নেমু খেতি । সমান্তৰাল ভাৱে নেমু খেতিৰ মাজে মাজে ৰোপন কৰে কেইবাশতাধিক তামোল পুলি । লহপহকৈ বাঢ়ি অহা তথা নেমু গছবোৰত লোমেলোমে নেমু লাগিবলৈ ধৰাৰ সময়তে দেশত দেখা দিয়া কভিত-১৯ ৰ বাবে বন্ধ হৈ পৰে সকলোবোৰ ব্যাবসায় বানিজ্য । এনে পৰিপেক্ষিত নেমুগছত লোমেলোমে লাগি থকা হাজাৰ হাজাৰ নেমু গছতে নষ্ট হবলৈ ধৰে । নেমু বজাৰত বিক্ৰী কৰি নিজকে স্বনিৰ্ভৰশিল কৰি তোলাৰ বিপৰীতে ক’ভিডসৃষ্ট পৰিবেশৰ বাবে এটা টকাৰো নেমু বিক্ৰী কৰিব নাপালে । গছৰ তলতে পকি গেলি পৰি থকা নেমুৰ দৃশ্য সচাই হৃদয় বিদাৰক । অৰুণাচলৰ পাকেকেচাং জিলাৰ ১২ নং পাকেকেচাং সমষ্টিৰ অন্তৰ্গত মনাইত উচ্চ শিক্ষিত যুৱক জনৰ আজিৰ অৱস্হাই স্বাভাৱিকতে সকলোৱে দুখ প্ৰকাশ কৰিছে যদিও স্থানীয় বিধায়ক গৰাকীয়ে এই সন্দৰ্ভত এইজন কৃষকৰ মৰ্ম বেদনা উপলব্ধি কৰাৰ আশা প্ৰকাশ কৰিছে স্থানীয় ৰাইজে ‌ । উল্লেখ্য যে এইগৰাকী আগ্ৰহী কৃষক টেচীয়ে নেমু খেতিৰ উপৰিও জলকীয়া খেতি ৪ বিঘাও আছে যদিও সেয়াও ধাৰাসাৰ বৰষুণে নষ্ট কৰি থৈছে । তদুপৰি এইজন উচ্চ শিক্ষিত কৃষকে বিগত ৮ বছৰ ধৰি মুঠ ১৬ বিঘা মাটিত ৰাবাৰ খেতি কৰি আছে যদিও সেই খেতিৰ পৰা ফুটা কড়ি এটাও লাভ কৰা নাই। এনে এজন কৃষকক চৰকাৰেও সহায় কৰাৰ প্ৰয়োজন আছে বুলি বিবেচিত হৈছে। গতিকে ৰাজ্য খনৰ মুখ্যমন্ত্ৰী প্ৰেমা খান্ডুয়ে এনে ধৰনৰ শিক্ষিত যুৱ কৃষক সকলক কৃষিৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ বাবে বিত্তীয় সকাহ দিবলৈ স্থানীয় সচেতন ৰাইজে আহ্বান জনাইছে । 

Leave A Reply