Breaking

গুজৰাটত মোদীক চাহ-জলপানৰ যোগান ধৰিলে এটা ৰবটে ! আপ্লুত প্ৰধানমন্ত্ৰী…

0 85

গুজৰাটত মোদীক চাহ-জলপানৰ যোগান ধৰিলে এটা ৰবটে! আপ্লুত প্ৰধানমন্ত্ৰী

বিজ্ঞানৰ চমক দেখি আপ্লুত হৈ পৰিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷ সম্প্ৰতি গুজৰাটলৈ গৈছে মোদীয়ে ৷ বুধবাৰে মোদীয়ে গুজৰাটৰ ছায়েন্স চিটি পৰিদৰ্শন কৰি অভিভূত হৈ পৰে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২৭ ছেপ্টেম্বৰত গুজৰাটৰ ছায়েন্স চিটি ভ্ৰমণ কৰে। প্ৰধানমন্ত্ৰীয়ে ছায়েন্স চিটিৰ ৰবটিক প্ৰদৰ্শনীতো অংশগ্ৰহণ কৰে। মোদীয়ে ছায়েন্স চিটিত থকা সময়ছোৱাৰ এখন ফটো এতিয়া ভাইৰেল হৈ পৰিছে৷ মোদীয়ে নিজেই এই ছবিখন শ্বেয়াৰ কৰিছে৷ ছবি খনত ছায়েন্স চিটিত থকা এটা ৰবটে মোদীৰ বাবে চাহ আৰু চেণ্ডউইচ অনা দেখা গৈছে৷

ৰবটৰ এনে কাৰ্য দেখি বহুতে আচৰিত হৈ পৰাৰ লগতে বহুতে আমোদো পাইছে ৷ উল্লেখ্য ১০৭ হেক্টৰ ভূমি আগুৰি থকা ছায়েন্স চিটিত বিজ্ঞানৰ নানান আচৰিত সমল ৰখা হৈছে৷ গুজৰাটৰ ছায়েন্স চিটি দৰ্শন কৰিবলৈ বাহিৰৰ ৰাজ্যৰ পৰাও বহু লোকৰ সমাগম ঘটে৷ ইপিনে প্ৰধানমন্ত্ৰী মোদীয়ে আজি গুজৰাটত বহু কেইটা চৰকাৰী প্ৰকল্প মুকলি কৰে৷ ৰাজ্য খনৰ জনজাতীয় অধ্যুষিত ছোটাউদেপুৰ জিলাৰ বোডেলি চহৰত শিক্ষা খণ্ডৰ সৈতে জড়িত ৪,৫০০ কোটিটকীয়া প্ৰকল্পকে ধৰি ৫,০০০ কোটি টকাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভণি অনুষ্ঠানত ভাষণ দি নিজৰ নামত ঘৰ এটাও নথকাৰ কথা উল্লেখ কৰে।

মোদীয়ে কয় “যিহেতু মই আপোনালোকৰৰ সৈতে গুৰুত্বপূৰ্ণ সময় অতিবাহিত কৰিছিলো, মই দৰিদ্ৰ লোকসকলে সন্মুখীন হোৱা সমস্যাবোৰ বুজি পাওঁ আৰু মই সদায় সেই সমস্যাবোৰ সমাধান কৰিবলৈ চেষ্টা কৰি আহিছো। আজি মই সন্তুষ্ট কাৰণ মোৰ চৰকাৰে সমগ্ৰ দেশৰ জনসাধাৰণৰ বাবে চাৰি কোটি ঘৰ নিৰ্মাণ কৰিছে। পূৰ্বৱৰ্তী চৰকাৰৰ বিপৰীতে, দৰিদ্ৰ লোকসকলৰ বাবে এটা ঘৰ আমাৰ বাবে এতিয়া কেৱল এটা সংখ্যা নহয়। আমি দৰিদ্ৰ লোকসকলৰ বাবে ঘৰ নিৰ্মাণ কৰি তেওঁলোকক মৰ্যাদা প্ৰদান কৰিছো” ।

Leave A Reply