Breaking

গোলাঘাটৰ এগৰাকী ব্যৱসায়ীৰ সুকীয়া পদক্ষেপ

0 1,031

ক’ভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি গোলাঘাটৰ এজন ব্যৱসায়ীয়ে আগবঢ়াইছে সুকীয়া সুবিধা ।  ক’ভিডৰ দুয়োটা পালি প্ৰতিষেধক  গ্ৰহণ কৰা লোকৰ বাবে এই বিশেষ সুবিধা ।   গোলাঘাটৰ এগৰাকী ব্যৱসায়ীয়ে ক’ভিডৰ দুটা পালি লোৱা সকলৰ বাবে আগবঢ়াইছে এক  বিশেষ ৰেহাই। মূল্যবৃদ্ধিত জৰ্জৰিত গোলাঘাটবাসীলৈ গোলাঘাটৰ প্ৰগতি উদ্যোগ  নামৰ ব্যৱসায়ী প্ৰতিষ্ঠানটোৰ আকৰ্ষণীয় অফাৰ। দুয়োপালি ভেকচিন লোৱা লোকক মিঠাতেলত ৫ টকা আৰু অন্যান্য সা-সামগ্ৰীত ৫% ৰেহাই গোলাঘাটৰ এইখন বিশেষ ব্যৱসায়িক প্ৰতিষ্ঠানৰ। সম্পূৰ্ণ পৰম্পৰাগত পদ্ধতিৰে স্বাস্থ্যসন্মত কৃষিজাত সামগ্ৰীৰ ৰেহাই মূল্যত গ্ৰাহকৰ বাবে উপলব্ধ কৰি চৰ্চাত গোলাঘাটৰ প্ৰদীপ গাৰোডিয়া। নিজৰ ব্যৱসায়ী প্ৰতিষ্ঠানটোত চকুৰ সন্মুখতে মিলত সৰিয়হ পেৰি ৰেহাই মূল্যত মিঠাতেল বিক্ৰী কৰিছে ব্যৱসায়ী জনে। ক’ভিডৰ  এই জটিল সন্ধিক্ষণত এজনে আনজনক সহায়ৰ হাত আগবঢ়োৱা গাৰোডিয়াৰ এই পদক্ষেপক শলাগ লৈছে সকলোৱে।

Leave A Reply