Breaking

ধূমপানমুক্ত দেশ! বিশ্বত প্ৰথমবাৰৰ বাবে চিগাৰেট সেৱন নিষিদ্ধ কৰা এই দেশখনে কাৰ্যকৰী কৰিলে কঠোৰ আইন

0 41

নিউজিলেণ্ডৰ জেচিণ্ডা আৰ্ডাৰ্ণ চৰকাৰে যুৱক-যুৱতীসকলে চিগাৰেট ক্ৰয় কৰাত আজীৱন নিষেধাজ্ঞা আৰোপ কৰি ধঁপাত সেৱন সম্পূৰ্ণৰূপে বন্ধ কৰাৰ কঠোৰ আইন প্ৰণয়ন কৰে, ধূমপানৰ বিৰুদ্ধে অতি কঠোৰ আইন ৰূপায়ণ কৰিছে। নিউজিলেণ্ডৰ প্ৰধানমন্ত্ৰী জেচিণ্ডা আৰ্ডাৰ্ণ চৰকাৰে যুৱক-যুৱতীসকলে চিগাৰেট ক্ৰয় কৰাত আজীৱন নিষেধাজ্ঞা আৰোপ কৰি ধঁপাত ধূমপান সম্পূৰ্ণৰূপে নিৰ্মূল কৰাৰ আইন প্ৰণয়ন কৰিছে।

নতুন আইনখনে কি কয়?

ধঁপাতমুক্ত দেশ হোৱাৰ দিশত দ্ৰুতগতিত আগবাঢ়ি যোৱা এই দেশখনে শক্তিশালী প্ৰস্তুতিৰে এই দিশত পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ ব্যাপক ফল পোৱাৰ সম্ভাৱনা আছে। যুৱক-যুৱতীসকলে চিগাৰেট ক্ৰয় কৰাত আজীৱন নিষেধাজ্ঞা আৰোপ কৰি ধঁপাত সেৱন সম্পূৰ্ণৰূপে নিৰ্মূল কৰিবলৈ প্ৰণয়ন কৰা আইন অনুসৰি ২০০৯ চনৰ ১ জানুৱাৰীৰ পিছত জন্ম হোৱা কোনো লোকক নিউজিলেণ্ডত ধঁপাত বিক্ৰী কৰিব নোৱাৰিব।

নতুন আইনখনৰ অধীনত সময়ৰ লগে লগে বৃদ্ধি পাব চিগাৰেট ক্ৰয়ৰ নূন্যতম বয়স। তাত্ত্বিকভাৱে এতিয়াৰ পৰা ৫০ বছৰৰ পাছত চিগাৰেটৰ পেকেট এটা কিনিবলৈ চেষ্টা কৰা কোনোবাই কমেও ৬৩ বছৰীয়া বুলি প্ৰমাণ কৰিবলৈ আইডিৰ প্ৰপত্ৰৰ প্ৰয়োজন হ’ব।

চিগাৰেটৰ পেকেটৰ বাবে আইকাৰ্ডৰ প্ৰয়োজন

চিগাৰেট কিনিবলৈ এতিয়া মানুহে নিজৰ বয়সৰ প্ৰমাণ সকলোতে দেখুৱাব লাগিব। প্ৰতিবেদন অনুসৰি নিউজিলেণ্ডে ২০২৫ চনৰ ভিতৰত দেশখন ধূমপানমুক্ত কৰাৰ পৰিকল্পনা কৰিছে। ষ্টেটিষ্টিকছ নিউজিলেণ্ডে প্ৰকাশ কৰা পৰিসংখ্যা অনুসৰি নিউজিলেণ্ডৰ প্ৰায় ৮% প্ৰাপ্তবয়স্ক লোকে ধূমপান কৰে। বহু বছৰ ধৰি চিগাৰেট আৰু ধঁপাতজাতীয় সামগ্ৰীৰ ওপৰত বৃহৎ কৰ আৰোপ কৰাৰ পিছত এই নিষেধাজ্ঞাৰ সৃষ্টি হৈছে।

স্বাস্থ্য মন্ত্ৰীৰ বিবৃতি

এই আইনখনে দেশত ধূমপান হ্ৰাস কৰিব বুলি আশা কৰিছে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে। এই সিদ্ধান্তৰ লগে লগে ইয়াত ধঁপাত বিক্ৰী কৰিবলৈ অনুমতি দিয়া দোকানীসকলৰ সংখ্যা ৬০০০ৰ পৰা ৬০০লৈ হ্ৰাস পাব আৰু ধূমপানযোগ্য ধঁপাতত নিকোটিনৰ পৰিমাণো হ্ৰাস পাব। স্বাস্থ্যমন্ত্ৰী ডাঃ আয়েছা ভেৰালৰ মতে, ‘এনে ধৰণৰ সামগ্ৰী বিক্ৰী কৰিবলৈ দিয়াৰ কোনো উচিত কাৰণ নাই, ইয়াৰ ব্যৱহাৰে লাখ লাখ লোকৰ মৃত্যু হয়। মই আপোনালোকক কব পাৰো যে ভৱিষ্যতে আমি ইয়াক সম্পূৰ্ণৰূপে নাইকিয়া কৰিম। এই নতুন স্বাস্থ্য ব্যৱস্থাই ধূমপানৰ ফলত হোৱা ৰোগ, যেনে কেন্সাৰ, হাৰ্ট এটেক, ষ্ট্ৰোক আদিৰ চিকিৎসাৰ বাবে কোটি কোটি টকা ৰাহি কৰিব।

Leave A Reply