Breaking

আৰক্ষীৰ লগত জড়িত ৰাইজৰ ওজৰ-আপত্তিসমূহ নিৰাময়ৰ অৰ্থে এক বিশেষ ব্যৱস্থা; আৰক্ষীক অধিক জনমুখী আৰু ৰাইজকেন্দ্ৰিক হিচাপে গঢ়ি তোলাৰ উদ্দেশ্য আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙৰ

0 35

আৰক্ষী সঞ্চালকপ্ৰধানৰ নিৰ্দেশত কাইলৈৰ পৰা অসম আৰক্ষীৰ মুখ্য কাৰ্য্যালয়ৰ লগতে ৰাজ্যখনৰ সকলো আৰক্ষী অধীক্ষকৰ কাৰ্য্যালয়ত আৰক্ষীৰ লগত জড়িত ৰাইজৰ ওজৰ-আপত্তিসমূহ নিৰাময়ৰ অৰ্থে এক বিশেষ ব্যৱস্থা আৰম্ভ হ’ব।

এই অনুসৰি প্ৰতিটো কৰ্মদিনত কাৰ্য্যালয়সমূহত পুৱা ১১-৩০ বজাৰ পৰা বিয়লি ১-৩০ বজালৈ নিশ্চিতভাৱে এগৰাকী দায়িত্বশীল বিষয়া উপস্থিত থাকিব আৰু বিষয়াগৰাকীয়ে সংশ্লিষ্ট জিলাখনৰ ৰাইজৰ লগত মত-বিনিময় কৰি তেওঁলোকৰ ওজৰ-আপত্তিসমূহ নিষ্পত্তিকৰণৰ ব্যৱস্থা কৰিব।

ইতিমধ্যে, সমূহ কাৰ্য্যালয়তে ৰাইজৰ প্ৰতি এই সেৱা আগবঢ়োৱাৰ বাবে বিষয়াসকলক নিয়োজিত কৰা হৈছে। এইক্ষেত্ৰত জিলা কাৰ্য্যালয়সমূহত ৰাইজে কোনো সমস্যা অথবা অসুবিধাৰ সন্মুখীন হ’লে অসম আৰক্ষীৰ মুখ্য কাৰ্য্যালয়ৰ দায়িত্বশীল বিষয়াক অবগত কৰিব পাৰিব।

আৰক্ষী সঞ্চালকপ্ৰধানগৰাকীয়ে আৰক্ষীক অধিক জনমুখী আৰু ৰাইজকেন্দ্ৰিক হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যে গ্ৰহণ কৰা এই ব্যৱস্থাৰ প্ৰতি ৰাইজৰ সহায়-সহযোগিতা কামনা কৰিছে।

আৰক্ষী সঞ্চালকপ্ৰধানগৰাকীয়ে লগতে এই ব্যৱস্থা যাতে কোনো কাৰণতে ব্যাহত নহয় তাৰ প্ৰতি চোকা দৃষ্টি ৰাখিবলৈ আৰক্ষী অধীক্ষকসকলক নির্দেশ দিছে। তেওঁ লগতে এইক্ষেত্ৰত কোনোধৰণৰ গাফিলতি সহ্য কৰা নহ’ব বুলিও বিষয়াসকলক সতৰ্ক কৰি দিয়ে।

Leave A Reply