Breaking

ভাৰতৰ এখন ৰাজ্য, য’ত মাত্ৰ এটা ৰে’লৱে ষ্টেচন! জানেনে ৰাজ্যখনৰ নামটো…

0 108

ভাৰতীয় ৰে’লৱেক দেশৰ জীৱনৰেখা বুলি কোৱা হয়। দেশৰ এটা মূৰৰ পৰা আন এটা মূৰলৈ যাবলৈ ৰে’ল ব্যৱস্থাই প্ৰধান। দেশৰ ভিতৰৰ প্ৰতিখন ৰাজ্যতে ৰেলপথৰ এক বিশাল নেটৱৰ্ক আছে।কিন্তু আজি আপোনালোকক কম এখন ৰাজ্যৰ বিষয়ে য’ত কেৱল এটাই ৰে’ল ষ্টেচন। মুঠ ১১ লাখ জনসংখ্যাৰ বাবে এটা মাত্ৰ ষ্টেচন উপলব্ধ এই ৰাজ্যখনত। বহুতে হয়তো অনুমান কৰিছে ৰাজ্যখনৰ নাম। এই ৰাজ্যৰ নাম হৈছে মিজোৰাম।যাত্ৰীবাহী ৰে’লৰ উপৰিও মিজোৰামৰ বৈৰবি ষ্টেচনতো বহুতো মাল ট্ৰেইন চলি থাকে। এই বৈৰবি ৰেল ষ্টেচন ৰাজ্যৰ একমাত্ৰ ষ্টেচন আৰু ইয়াৰ বাহিৰত আন কোনো ৰেল ষ্টেচন নাই। ১১ লাখ জনসংখ্যাৰ ৰাজ্য এখনে মাত্ৰ এটা ৰে’ল ষ্টেচন থাকিলে যি বিপদৰ সন্মুখীন হ’ব সেয়া ৰাইজক কোৱাৰ প্ৰয়োজন নাই।

বৈৰবি ষ্টেচনত মুঠ ৩ টা প্লেটফৰ্ম আছে। ইয়াৰ উপৰিও ৪ টা ৰে’লপথ আছে। ২০১৬ চনত পুনৰ নিৰ্মাণৰ পূৰ্বে ষ্টেচনটো সৰু আছিল। মন কৰিবলগীয়া যে সেই স্থানত ৰে’লৱেৰ হৈ আন এটা ৰে’ল ষ্টেচন নিৰ্মাণৰ প্ৰস্তাৱো আছে।

Leave A Reply