Breaking

ধুবুৰী জিলাৰ এখন আজব চিকিৎসালয় যত বিদ্যুৎ কৰ্তন হোৱাৰ লগে লগৈ অন্ধকাৰ হৈ পৰে চিকিৎসালয় খন…

0 67

ধুবুৰী জিলাৰ চাপৰ চক্ৰৰ অন্তৰ্গত এখন আজব চিকিৎসালয় হল চাপৰ সামুহিক চিকিৎসালয় যিখন চিকিৎসালয়ত বিদ্যুত কৰ্তন হোৱাৰ লগে লগে অন্ধকাৰ হৈ পৰে চিকিৎসালয়খন।চৰকাৰে জেনাৰেটৰ প্ৰদান কৰাৰ পিছতো চিকিৎসালয় কতৃপক্ষই জেনাৰেটৰটো চলোৱা দেখা নাযায়।


উল্লেখ্য যে বুধবাৰ নিশা এগৰাকী শিশু শ্বাস প্ৰশ্বাস লোৱাত অসুবিধা হোৱাৰ বাবে চাপৰ সামূহিক চিকিৎসালয়ত ভৰ্তি কৰায় আৰু চিকিৎসকে শ্বাস লোৱাত সুবিধাৰ বাবে নেবুলাইজেশন নামৰ এটা যন্ত্ৰ লগাই দিয়ে কিন্তু আচৰিত কথাটো এই যে বিদ্যুৎ কৰ্তন হোৱাৰ লগে লগে যন্ত্ৰটো বন্ধ হৈ যায়।বহু সময় ধৰি জেনাৰেটৰ চলাই নিদিয়াৰ বাবে শিশু গৰাকী বহু অসুবিধাৰ সন্মূখীন হব লগা হয়।অবশেষত সংবাদিকৰ তৎপৰতাত জেনাৰেটৰ চলাবলৈ বাধ্য হল চিকিৎসালয় কতৃপক্ষই।


এতিয়া প্ৰশ্ন হয় চিকিৎসালয় কতৃপক্ষই বিদ্যুৎ কৰ্তন হোৱাৰ পিছত কিও জেনাৰেটৰ নিদিয়ে?
বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছত চিকিৎসালয় খনৰ মেনেচমেন্টৰ দ্বায়িত্ত্বত থকা ব্যক্তিসকলৰ ওপৰত কি ব্যবস্থা হাতত লয় সেয়া হব লক্ষণীয়।

Leave A Reply