Breaking

তিনিবাৰকৈ বিধায়ক হোৱা আমিনুল ইছলামৰ সমষ্টিৰ এটা পথ

0 2,033

লাহৰীঘাট বাছ আস্থানৰ এটি পথৰ দুৰৱস্হাই জীয়াতু ভোগাইছে পথচাৰীক ।  মৰিগাঁও জিলাৰ ধিং সমষ্টিৰ অন্তৰ্গত লাহৰীঘাট বাছ আস্থানৰ মূল গড়কাপ্তানী পথৰ উত্তৰে বৰখাঁবল গাৱলৈ যোৱা  ব্যস্ততা পূর্ণ পথটি সম্প্রতি বাৰিষা কাল আৰম্ভ হোৱাৰ পিছৰে পৰা প্ৰায় ৫০ মিটাৰ পথৰ দুৰৱস্হাই জীয়াতু ভোগাইছে পথচাৰীক। অলপ বৰষুণ দিলেই  সৃষ্টি হয়  কৃতিম বানপানীৰ। পথৰ দুয়োকাষে ওখ হোৱাৰ ফলত পানী ওলাই যাব নোৱাৰাত অনবৰতে জমা হৈ থাকে পানী। আনহাতে কেবা বছৰ ধৰি পথটি মেৰামতি নকৰাত সম্প্রতি পথটিৰ মাজে মাজে সৃষ্টি হৈছে গাঁতৰ। উল্লেখ্য যে এই পথটিৰে দৈনন্দিন অহৰহ বাইক, অটৰিক্সা, ই ৰিক্সা, চাইকেল, ঠেলা, চাৰিচকীয়া বাহন, প্ৰয়োজন সাপেক্ষে গধুৰ যানবাহনো চলাচল কৰে। ইয়াৰ উপৰিও স্কুল – কলেজৰ ছাত্র ছাত্রীকে আদি কৰি পথচাৰী সকলেও অনবৰতে অহা যোৱা কৰা পৰিলক্ষিত হয়। । ভুক্তভোগী সকলৰ এনে দুৰবস্থা তিনিবাৰকৈ বিধায়ক হোৱা আমিনুল ইছলামৰ চকুত পৰাৰ বাবে এই Ground report চৰকাৰৰ ওচৰত দাঙি ধৰা হ’ল ।

Leave A Reply