Breaking

নৰ্থ লখিমপুৰ কলেজত ড॰ হীৰেন গোহাঁইৰ সৈতে আলাপৰ অনুষ্ঠান…

0 84

নৰ্থ লখিমপুৰ কলেজৰ অসমীয়া বিভাগত আজি অসমৰ বিশিষ্ট বুদ্ধিজীৱী তথা সাহিত্যিক ড॰ হীৰেন গোহাঁইৰ সৈতে এটি অন্তৰংগ আলাপৰ অনুষ্ঠান সম্পন্ন হৈ যায়৷ মূলতঃ সাম্প্ৰতিক শিক্ষা আৰু সমাজক কেন্দ্ৰ কৰি অনুষ্ঠিত আলাপৰ সঞ্চালনা কৰে অসমীয়া বিভাগৰ মুৰব্বী ড॰ অৰবিন্দ ৰাজখোৱাই৷ মহাবিদ্যালয়ৰ অধ্যক্ষ ড॰ বিমান চন্দ্ৰ চেতিয়াই আদৰণিসূচক বক্তব্য আগবঢ়াই কয়যে, মহাবিদ্যালয় পৰিয়ালে ড॰ গোহাঁইৰ লগত মত বিনিময় কৰিবলৈ পোৱাটো যথেষ্ট আনন্দৰ কথা৷ তেওঁ আৰু কয়, বহল বৌদ্ধিক চিন্তাৰ ক্ষেত্ৰ হিচাপে উচ্ছশিক্ষাৰ প্ৰতিষ্ঠানত এনেদৰে যুক্তিপূৰ্ণ আলাপ অনুষ্ঠিত হোৱাটো প্ৰয়োজনীয়৷ নিজৰ ভাষণত ড॰ হীৰেন গোহাঁয়ে সাম্প্ৰতিক প্ৰেক্ষাপটত শিক্ষাৰ মান কেনেধৰণে নিম্নগামী হৈছে সেই সম্পৰ্কে আলোকপাত কৰে৷ শিক্ষা ব্যৱস্থাৰ পৰা যে সমাজ আৰু ৰাজনীতি বিচ্চিন্ন নহয় সেইটো সকলোকে অনুধাৱন কৰিবলৈ কয়৷

পৌৰাণিক কাহিনী নতুবা ইতিহাসৰ প্ৰতি সন্মান জনাই তেওঁ কয়যে, বৰ্তমানটো শক্তিশালী কৰিবলৈ হ’লে পুৰণিৰ বিকৃত ব্যাখ্যা হোৱা উচিত নহয়, লগতে সকলো প্ৰাচীন কথাৰ ব্যৱহাৰিক মূল্য নাই বুলিও সমাজে বুজিব লাগিব৷ ৰাজনৈতিক ক্ষমতাত থকা কিছুমান শক্তিয়ে কেনেকৈ অসমীয়া মানুহৰ ভাষা-সংস্কৃতি আনকি অসমৰ প্ৰকৃতিকো সৰ্বনাশ কৰিবলৈ কুণ্ঠাবোধ নকৰে সেই বিষয়ত ড॰ গোহাঁয়ে আলোকপাত কৰে৷ যুগোপযোগী জাতীয়তা ৰক্ষাৰ বাবে সদা জাগ্ৰত হৈ থাকিবলৈ তেওঁ নতুন প্ৰজন্মটোক আহ্বান জনায়৷ আলাপ অনুষ্ঠানত ৰাণী গোহাঁয়েও ভাগ লয়৷ উল্লেখযোগ্য যে ৰাণী গোহাঁই নৰ্থ লখিমপুৰ কলেজৰ প্ৰাক্তন ছাত্ৰী৷

তেওঁ প্ৰায় ছয় দশকৰ আগৰ লখিমপুৰৰ শিক্ষাজগতৰ বিষয়ে মত বিনিময় কৰে৷ অনুষ্ঠানৰ সঞ্চালক ড॰ অৰবিন্দ ৰাজখোৱাই জনায় যে, ৰাণী গোহায়ে নিৰুপমা বৰগোহাঁই আৰু মামণি ৰয়ছম গোস্বামীৰ বিষয়ে দুখন মূল্যৱান গ্ৰন্থ সম্পাদনা কৰি অসমীয়া গ্ৰন্থৰ জগতখনক সমৃদ্ধ কৰিছে৷ ড॰ ৰাজখোৱাই লগতে অৱগত কৰে যে, অসমীয়া বিভাগৰ পাঠ্যক্ৰমত ২০১৪ চনৰপৰা ড॰ হীৰেন গোহাঁইৰ সাহিত্যিক অৱদানক অধ্যয়ন কৰাৰ লগতে তেওঁৰ প্ৰকৃতি সচেতনাযুক্ত কিছু মূল্যৱান ৰচনা অন্তৰ্ভূক্ত কৰা হৈছে৷ নৰ্থ লখিমপুৰ কলেজৰ বুৰঞ্জী বিভাগৰ মুৰব্বী ড॰ অতনু গগৈয়ে সম্প্ৰতি ভাৰতবৰ্ষত বুৰঞ্জী চৰ্চাৰ অবৈজ্ঞানিক ধাৰা সম্পৰ্কে ড॰ হীৰেন গোহাঁইৰ লগত মত বিনিময় কৰে৷ নৰ্থ লখিমপুৰ কলেজ ছাত্ৰ একতা সভাৰ বিষয়ববীয়াসকলে ড॰ হীৰেন গোহাঁই আৰু ৰাণী গোহাঁইক সম্বৰ্ধনা জ্ঞাপন কৰে৷ আজিৰ অনুষ্ঠানত নৰ্থ লখিমপুৰ কলেজৰ যথেষ্ট সংখ্যক অধ্যাপক-অধ্যাপিকা, গৱেষক, ছাত্ৰ-ছাত্ৰীৰ লগতে লখিমপুৰ বালিকা মহাবিদ্যালয়, লখিমপুৰ তেলাহী কমলাবৰীয়া মহাবিদ্যালয়, লখিমপুৰ বাণিজ্য মহাবিদ্যালয় আদিৰো ভালেসংখ্যক অধ্যাপক-অধ্যাপিকা উপস্থিত থাকে৷ লগতে অধিবক্তা নিকুঞ্জ ফুকন, অৱসৰপ্ৰাপ্ত শিক্ষা বিষয়া ৰমেশ চন্দ্ৰ চুতীয়া, সাংবাদিক ফাৰহানা আহমেদ, প্ৰিয়ম, ৰঞ্জিৎ কাকতী, কবি দিলীপ গগৈ আদি লখিমপুৰৰ বিভিন্ন ক্ষেত্ৰৰ ব্যক্তিয়েও এই আলাপ অনুষ্ঠানত ভাগ লয়৷

Leave A Reply