Breaking

শিক্ষক দিৱসৰ দিনাই এগৰাকী শিক্ষয়িত্ৰীয়ে গৌৰৱান্বিত কৰিলে অসমবাসীক

0 164

২০২৩ বৰ্ষৰ আন্তঃৰাষ্ট্ৰীয় ভাৰত-জাপান শিক্ষক বিনিময় কাৰ্যসূচীত যোৰহাট বাল্য ভৱন হাইস্কুলৰ সহকাৰী শিক্ষয়িত্ৰী কৰবী গগৈক ভাৰত চৰকাৰৰ এগৰাকী শিক্ষয়িত্ৰী ৰূপে নিমন্ত্ৰণ কৰা হৈছে।

ৰাষ্ট্ৰসংঘৰ শিক্ষা,বিজ্ঞান আৰু সাংস্কৃতিক সংস্থা (ইউনেস্কো)ৰ এছিয়া – পেচিফিক সাংস্কৃতিক সংস্থা (ACCU) য়ে ২০১৬ চনৰ পৰা ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰণালয়(MoE), জাপান চৰকাৰৰ শিক্ষা,সাংস্কৃতিক, ক্ৰীডা,বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা মন্ত্ৰণালয় (MEXT)তথা চেণ্টাৰ ফৰ এনভাইৰ’নমেণ্ট এডুকেশ্বন (CEE) ৰ সহযোগত ভাৰতৰ বিভিন্ন প্ৰাথমিক,মাধ্যমিক আৰু হাই স্কুলৰ পৰা বিনিময় কাৰ্যসূচীৰ বাবে শিক্ষক নিৰ্বাচন কৰে।

উল্লেখযোগ্য যে, চেণ্টাৰ ফৰ এনভাইৰ’মেণ্ট এডুকেশ্বন (CEE)য়ে ২০১৮ চনৰ পৰা অসমৰ ছয়খন বিদ্যালয়ত ‘সুৰক্ষিত পথ,সুৰক্ষিত শিশু ‘ শীৰ্ষক এক প্ৰকল্প কৰি আহিছে। এই প্ৰকল্পৰ বাবে বাল্য ভৱন বিদ্যালয়ক CEE য়ে নিৰ্বাচিত কৰিছিল আৰু উক্ত দায়িত্বত থাকিব বিদ্যালয় শিক্ষয়ত্ৰী কৰবী গগৈ।

এগৰাকী সক্ৰিয় সদস্যৰূপে কৰবী গগৈ আৰম্ভণিৰ পৰাই জৰিয়ত হৈ আছে। দেশৰ মুঠ ১২ গৰাকী শিক্ষকৰ ভিতৰত তেখেতক CEE য়ে উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ শিক্ষক ৰূপে উক্ত বিনিময় কাৰ্যসূচীৰ বাবে মনোনীত কৰে। কৰবী গগৈয়ে অহা ১৭ ছেপ্টেম্বৰৰ পৰা ২৪ ছেপ্টেম্বৰ লৈকে ভাৰতৰ বিভিন্ন প্ৰান্তৰ অন্য ১১জন শিক্ষকৰ সৈতে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।

তেখেতে জাপানৰ টকিঅ’ আৰু ট’ছিগী চহৰৰ কেইবাখনো বিদ্যালয়ত ভাৰতৰ শিক্ষা সম্পৰ্কে জাপানৰ শিক্ষাৰ্থীসকলক শিক্ষাদান কৰিব। এই কাৰ্যসূচীত জাপান আৰু ভাৰতৰ সাংস্কৃতিক বৈচিত্ৰতাৰ সংমিশ্ৰণৰ প্ৰতি সন্মান প্ৰদৰ্শনৰ লগতে এক শান্তিপূৰ্ণ আৰু বহনক্ষম সমাজ প্ৰতিষ্ঠাৰ ওপৰত গুৰুত্ব আৰোপ ক’ৰা হ’ব। শিক্ষয়িত্ৰী কৰবী গগৈ উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ অসমীয়া প্ৰতিনিধি ৰূপে অংশগ্ৰহণ কৰাৰ লগতে ট’ছিগী চহৰৰ ইচিজ’ জুনিয়ৰ হাইস্কুলত অসমৰ বাপতি সাহোন বিহু গীত – নৃত্যৰ পাঠদান কৰিব।

এই কাৰ্যসূচীত শিক্ষক শিক্ষয়িত্ৰী সকলে ভাৰতীয় যোগ,বৈদিক গণিত,ভাৰতীয় নৃত্য – গীত, ভাৰতীয় সংস্কৃতি, ভাৰতৰ পৌৰাণিক শিক্ষা ইত্যাদি সম্পৰ্কে পাঠদান কৰাৰ লগতে জাপানৰ শিক্ষা ব্যৱস্থাত জাপানৰ শিক্ষকসকলৰ সৈতে শ্ৰেণীকোঠাত উপস্থিত থাকিব।

তেখেতৰ এই সাফল্যত বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰীৰ লগতে সমূহ শিক্ষক শিক্ষয়িত্ৰী,কৰ্মচাৰী, ছাত্ৰ ছাত্ৰী, বিদ্যালয়ৰ উন্নয়ন আৰু পৰিচালনা সমিতি,শিক্ষক অভিভাৱক সংস্থাৰ সমূহ সদস্যই বিদ্যালয়ৰ লগতে ৰাজ্যখনলৈও গৌৰৱ কঢ়িয়াই অনাৰ বাবে অভিনন্দন জনোৱাৰ লগতে উক্ত যাত্ৰাৰ সফলতা কামনা কৰে।।

Leave A Reply