Breaking

সোণতলীৰ সৰু আৰিকাটিত ভয়াৱহ অগ্নিকাণ্ড ; লক্ষাধিক টকাৰ সা-সম্পত্তি ভস্মীভূত

0 1,219

সোণতলী, ৮ ডিচেম্বৰঃ দক্ষিণ কামৰূপ জিলাৰ বকো বিধানসভা সমষ্টিৰ অন্তৰ্গত সৰু আৰিকাটিত আজি সংঘটিত হোৱা এক ভয়াৱহ অগ্নিকাণ্ডত লক্ষাধিক টকাৰ সা-সম্পত্তি ভষ্মীভুত হয় ৷ প্ৰাপ্ত বাতৰি মতে, সোণতলী আৰক্ষী চকীৰ অন্তৰ্গত সৰু আৰিকাটি গাঁও নিৱাসী সাইজুদ্দিনৰ পুত্ৰ স্বাহা আলীৰ ঘৰত আজি দিনৰ এক বজাত বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত এক ভয়াৱহ অগ্নিকাণ্ড সংঘটিত হয় ৷ পিছত পৰিয়ালৰ লোকৰ লগতে স্থানীয় ৰাইজৰ তৎপৰতাৰে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় যদিও স্বাহা আলীৰ এটা ঘৰ সম্পূৰ্ণৰূপে ভস্মীভূত হয় ৷ বৈদ্যুতিক শ্বৰ্টচাৰ্কিট হৈ অকস্মাতে সংঘটিত হোৱা অগ্নিকাণ্ডৰ ফলত পৰিয়ালটোৰ এটা ঘৰ, ধান, চাউলৰ লগতে লক্ষাধিক টকাৰ সা-সম্পত্তিৰ উপৰিও গুৰুত্বপূৰ্ণ নথি-পত্ৰ সমূহ সম্পূৰ্ণ ৰূপে জুইত জাহ যায় ৷

Leave A Reply