Breaking

মোৰাঝাৰৰ জয়নগৰ মাদ্ৰাছাত দিন দুপৰতে চুৰি কৰিবলৈ অহা চোৰক আটক

0 123

মোৰাঝাৰ, ২৭ নৱেম্বৰ : হোজাইৰ মোৰাঝাৰ থানাৰ অন্তৰ্গত জয়নগৰ মাদ্ৰাছাত সংগঠিত হৈছে চুৰি কাণ্ড ৷ জালৰ পৰা দিন দুপৰতে টকা চোৰ কৰিবলৈ আহি চোৰ আটক হোৱাকলৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় ৷ জুম্মাৰ নামাজৰ সুযোগ লৈ ১২.২০ বজাত টকা লুটিবলৈ আহিছিল চোৰ ৷ জয়নগৰ মাদ্ৰাছাৰ জাল চুৰিক লৈ বহুতো উত্তেজনা হৈছিল ৷ অৱশেষত ধৰা পৰিল চোৰ ৷ মোৰাঝাৰ আৰক্ষীয়ে ঘটনাস্থলিত উপস্থিত হৈ চোৰ কৰায়ও কৰি থানালৈ লৈ আনি মাৰাথান জেৰা অব্যাহত ৰাখে ৷ আৰক্ষীয়ে জানিব দিয়া মতে চোৰটো স্বপুৰ গাঁওৰ বাসিন্দা নুৰ আলীৰ পুত্ৰ ৰাজু আহমেদ (২৫) ৷ নীলবাগানত ভাড়া ঘৰত চোৰটো থাকে বুলি আৰক্ষী সুত্ৰত প্ৰকাশ ৷ ঘটনাৰ পিছতে জামিয়া অসম দাৰুল হাদিছ জয়নগৰ মাদ্ৰাছাৰ সম্পাদক সামচুল ইছলামে মোৰাঝাৰ থানাত এজাহাৰ দাখিল কৰে৷এজাহাৰত উল্লেখ কৰা মতে প্ৰায় ১৫ দিন আগত  পথৰ কাষত  থকা জালৰ পৰা চোৰ কৰি কৰিছিল নগধ ধন ৷ চি চি টিভি ফুটেজত  চোৰটো চিনাক্ত কৰি আজি দ্বিতীয় দিনা চোৰ কৰিবলৈ অহা চোৰটো  হাতে লুটে কৰায়ও কৰিবলৈ সক্ষম হয় ৷

Leave A Reply