Breaking

ধুবুৰীৰ চাপৰ আৰক্ষী থানাৰ অন্তৰ্গত ফলিমাৰী গাঁৱত পুৱতি নিশা চোৰৰ চাফাই অভিযান

0 1,061

ধুবুৰী জিলাৰ চাপৰ আৰক্ষী থানাৰ অন্তৰ্গত ফলিমাৰী গাঁৱত বুধবাৰে পুৱতি নিশা চোৰে চলালে চাফাই অভিযান।একে নিশা গাঁৱখনৰ জহিৰুল ইছলাম, নিজামুদ্দিন সেখ আৰু সহিদ আলী ঘৰত চোৰে চলালে এই চাফাই অভিযান। সহিদ আলীৰ ঘৰৰ পৰা নগদ ২৬ হাজাৰ টকাৰ লগতে লক্ষ্যাধিক টকাৰ সোন-ৰূপ লুটি লৈ যায়। আনপিনে জহিৰুল ইছলাম ঘৰত চোৰে চুৰি কৰিলে নগদ ২৫ হাজাৰ লগতে কিছু পৰিমাণে ৰূপৰ অলংকাৰ।একে সময়তে নিজামুদ্দিন সেখৰ ঘৰত চোৰে চুৰি কৰিবলৈ চেষ্টা চলায় যদিও ব্যৰ্থ হয়।

ঘটনা সংক্ৰান্তত ইতিমধ্যে ভূক্তভূগিয়ে পৰিয়ালৰ তিনিটাই চাপৰ আৰক্ষী থানাত এজাৰৰ দাখিল কৰিছে আৰু আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে।

Leave A Reply