Breaking

বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ দুই সমষ্টিত অৱতীৰ্ণ মুঠ ১১ গৰাকী প্রার্থী আৰু প্ৰতীক চিহ্ন চূড়ান্ত

0 2,072

তৃতীয় পৰ্য্যায়ৰ বিধানসভা নিৰ্বাচনৰ মনোনয়ন পত্ৰ পৰীক্ষা আৰু প্ৰত্যাহাৰৰ দিন উকলি যোৱাৰ পিচতে অভায়াপুৰী উত্তৰ আৰু দক্ষিণ (অনু:) বিধানসভা সমষ্টিৰ পৰা মুঠ ১১ গৰাকী প্ৰাৰ্থী নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হব এয়া চুুড়ান্ত হৈছে । বঙাইগাওঁ জিলাৰ উত্তৰ শালমাৰা মহকুমাৰ মহকুমাধিপতিৰ কার্যালয়ত এখন সংবাদ মেল অনুষ্ঠিত কৰি এই কথা সদৰি কৰে । অনুষ্ঠিত সংবাদ মেলত উত্তৰ শালমাৰা মহকুমাৰ ভাৰপ্রাপ্ত মহকুমাধিপতি তথা উত্তৰ শালমাৰা জিলা নির্বাচনী বিষয়া কমল বৰুৱাই কয় যে, ৩৫ নং অভয়াপুৰী দক্ষিণ ( অনুঃ ) বিধান সভা সমষ্টিত নির্বাচনী প্রতিদ্বন্দ্বিতাৰ বাবে সৰ্বমুঠ সাত গৰাকী প্রার্থীয়ে মনােনয়ন পত্র দাখিল কৰিছিল যদিও তিনিগৰাকী প্রার্থী ক্ৰমে বিমল চন্দ্র দাস ( কচুদোলা ), দীপক ৰুহি দাস আৰু বিমল চন্দ্র দাস ( বৰিগাঁও ) য়ে নিজৰ মনােনয়নপত্র প্রত্যাহাৰ কৰে । সমষ্টিটোত নিৰ্বাচনী প্রতিদ্বন্দ্বিতা কৰিবলগীয়া প্রার্থীসকল হ’ল ক্রমে, অসম গণ পৰিষদ দলৰ পূৰ্ণেন্দু বনিক্য, ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্রদীপ সৰকাৰ, নিৰ্দলীয় প্ৰাৰ্থী ৰমনাথ মণ্ডল আৰু আন গৰাকী নিৰ্দলীয় প্ৰাৰ্থী  কৌশিকৰঞ্জন দাস । পঞ্জীয়নভুক্ত দলসমূহে নিজ দলৰ প্রতীক চিহ্নত নির্বাচন খেলাৰ বিপৰীতে নির্দলীয় প্ৰাৰ্থী ৰমানাথ মণ্ডলৰ প্ৰতীক চিহ্ন অট’ৰিক্সা আৰু নিৰ্দলীয় কৌশিক ৰঞ্জন দাসৰ প্রতীক চিহ্ন গেছ চিলিণ্ডাৰ হিচাপে নিৰ্ধাৰণ কৰিছে ।  আনহাতে , ৩৪ নং অভয়াপুৰী উত্তৰ বিধান সভা সমষ্টিত নির্বাচনী প্রতিদ্বন্দ্বিতাৰ বাবে সৰ্বমুঠ আঠ গৰাকী প্রার্থীয়ে মনােনয়ন পত্র দাখিল কৰিছিল । ইয়াৰে নিৰ্দলীয় প্ৰাৰ্থী নৰুল ইছলামে মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰে । সমষ্টিটোত নির্বাচনী প্রতিদ্বন্দ্বিতা কৰিবলগীয়া প্রার্থীসকল ক্রমে অসম গণ পৰিষদৰ ভূপেন ৰায়, ভাৰতীয় জাতীয় কংগ্ৰেছৰ আব্দুল বাতেন খন্দকাৰ, জনতা দল ইউনাইটেডৰ শ্যামৰাজ ৰাভা, অসম জাতীয় পৰিষদৰ অজন্তা বৰুৱা , অল ইণ্ডিয়া তৃণমূল কংগ্ৰেছৰ আশ্রাফুল ইছলাম , নির্দলীয় প্ৰাৰ্থী  শেইখ আব্দুলা আৰু জহিদুল ইছলামে । পঞ্জীয়নভুক্ত দলসমূহে নিজ দলৰ প্রতীক চিহ্নত নির্বাচন খেলাৰ বিপৰীতে নির্দলীয় প্ৰাৰ্থী জাহিদুল ইছলামৰ বাবে বাকেট আৰু নির্দলীয় প্ৰাৰ্থী শেইখ আব্দুলাৰ বাবে অট’ৰিক্সা প্রতীক চিহ্ন নির্ধাৰণ কৰা হৈছে । লগতে উত্তৰ শালমাৰা জিলা নিৰ্বাচনী বিষয়া গৰাকীয়ে সংবাদ মেলত জানিবলৈ দিয়ে যে প্ৰাৰ্থীসকলে নিম্নলিখিত স্থান সমূহতহে সংশ্লিষ্ট কৰ্তৃপক্ষৰ অনুমতি সাপেক্ষে নিৰ্বাচনী সভা পাতিব পাৰিব । ৩৪ নং অভয়াপুৰী উত্তৰ বিধান সভা সমষ্টিৰ প্ৰাৰ্থীৰ বাবে বৰবিলা পথাৰ, মাণিকপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰ, বৰটিলা গোমাঠ (পণ্ডিত দীনদয়াল উপাধ্যায় আদৰ্শ মহাবিদ্যালয়), টুলুঙীয়া, ডি.পি. এম. স্কুল পথাৰ, সৃজনগ্ৰাম এম. ভি. স্কুল পথাৰ, চাকলা হাইস্কুল পথাৰ, কীৰ্তনপাৰা হাইস্কুল পথাৰ, জপেয়া হাইস্কুল পথাৰ, ৰাঙাপানী পথাৰ, আমবাৰী হাইস্কুল পথাৰ আৰু সিদলসতী হাইস্কুল পথাৰ । আনহাতে ৩৫ নং অভয়াপুৰী দক্ষিণ অনুঃ বিধান সভা সমষ্টিৰ প্ৰাৰ্থীৰ বাবে নিৰ্বাচনী সভা অনুষ্ঠিত কৰাৰ বাবে কৰ্তৃপক্ষই  নিৰ্দ্ধাৰণ কৰি দিয়া স্থান সমূহ হ’ল বইটামাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পথাৰ, অভয়েশ্বৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ খেলপথাৰ, অভয়াপুৰী গান্ধী ময়দান, চলন্তাপাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰ, লেংটিচিঙা ৰাজীৱ গান্ধী মেমোৰিয়েল কলেজৰ পথাৰ, কস্তুৰবা বিদ্যালয়ৰ খেলপথাৰ, ঔডুবি পথাৰ, বালাপাৰা পথাৰ, ছটপাৰা মধ্য ইংৰাজী মাদ্ৰাছাৰ পথাৰ, মেৰেৰচৰ উচ্চতৰ মাধ্যমিক  বিদ্যালয়ৰ খেলপথাৰ, পিৰাধৰা হাই মাদ্ৰাছাৰ খেলপথাৰ, বৰজানা হাইস্কুলৰ খেলপথাৰ, খোৰাগাওঁ হাইস্কুলৰ খেলপথাৰ, কাবাইটাৰী মধ্য ইংৰাজী মাদ্ৰাছাৰ খেলপথাৰ  আৰু পাল্লিৰতল বজাৰৰ পথাৰত নিৰ্বাচনী সভাৰ আয়োজন কৰিব পাৰিব ।

Leave A Reply