Breaking

বঙাইগাঁও জিলাৰ নোৱাপাৰাত শোকাৱহ দুৰ্ঘটনা সংঘটিত…

0 43

বঙাইগাঁও জিলাৰ ২ নং নোৱাপাৰাত শোকাৱহ দুৰ্ঘটনা সংঘটিত হয় নিশাৰ ভাগত ট্ৰেনৰ খুন্দাত ৩ জনৰ মৃত্যু।বঙাইগাঁও জিলাৰ বঙাইগাঁও – চাপ্ৰাকাটা ৰেলৱে ষ্টেচনৰ মধ্যস্থল ২ নং নোৱাপাৰাত শোকাৱহ দুৰ্ঘটনা সংঘটিত হয় নিশাৰ ভাগত তীব্ৰবেগী ৰেলৰ খুন্দাত মাতৃ, কন্যাৰ লগতে আন এগৰাকী মহিলাৰ মৃত্যু হয়। নামনিমুৱা বাংগালুৰু এক্সপ্ৰেছৰ খুন্দাত মৃত্যু হয় তিনি জনৰ।


এই শোকাৱহ দুৰ্ঘটনাত মৃত্যু হয় কল্পনা বৰ্মনৰ, কল্পনাৰ ১১ বছৰীয়া জীয়েক প্ৰিয়া বৰ্মনৰ আৰু লগতে মুন্না নামৰ আন এগৰাকী মহিলাৰ মৃত্যু হয় এই দুৰ্ঘটনাত।


ঘটনাটো কেনেকৈ সংঘটিত হল সেয়া এতিয়ালৈকে অদ্যপি পোহৰলৈ অহা নাই। ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে ৰেল আৰক্ষী আৰু বঙাইগাঁও সদৰ থানাৰ আৰক্ষী।

Leave A Reply