Breaking

ৰাজস্থানৰ ছিকাৰ জিলাত এক মৰ্মান্তিক কাণ্ড ! ট্ৰাকত খুন্দা মাৰি ভস্মীভূত বাহন, দুই শিশুসহ একেটা পৰিয়ালৰে সাতজনে হেৰুৱালে প্ৰাণ…

0 11

ৰাজস্থানৰ ছিকাৰ জিলাত সংঘটিত হৈছে এক মৰ্মান্তিক কাণ্ড। এখন ট্ৰাকত খুন্দা মৰাৰ ফলত ৰাজপথতে দাওদাওকৈ জ্বলি উঠিল এখন ব্যক্তিগত বাহন। জীৱন্তে অগ্নিদগ্ধ হৈ প্ৰাণ হেৰুৱাইছে একেটা পৰিয়ালৰ দুই শিশু আৰু তিনিগৰাকী মহিলাসহ ৭ জন লোকে।

বাহনখনৰ চালকজনে এখন ট্ৰাকক অভাৰটেক কৰাৰ চেষ্টা কৰিছিল যদিও বিপৰীত দিশৰ পৰা আন এখন বাহন ওচৰ চাপি অহা দেখি জোৰেৰে ব্ৰেক মাৰিবলগীয়া হয়।

ঘটনাত নিহত লোকসকলক নীলম গোৱাল (৫৫), তেওঁৰ পুত্ৰ আশুতোষ গোৱাল (৩৫), মঞ্জু বিন্দল (৫৮), তেওঁৰ পুত্ৰ হাৰ্দিক বিন্দল (৩৭), তেওঁৰ পত্নী স্বাতী বিন্দল (৩২) আৰু তেওঁলোকৰ দুই নাবালিকা কন্যা বুলি চিনাক্ত কৰা হৈছে।

Leave A Reply