Breaking

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’ল “যোগ দৃষ্টি” নামেৰে এখনি দুদিনীয়া আবাসীক যোগ প্ৰশিক্ষণ অধিবেশন

0 48

অসম চৰকাৰৰ ৰাজ্যিক পৰ্যায়ৰ পৰামৰ্শদাতা সমিতি ছাত্ৰ ও যুৱ কল্যাণ (SLAC) আৰু অসম চৰকাৰৰ ক্ৰীড়া আৰু যোগ প্ৰশিক্ষক সন্থাৰ সহযোগত ১ আৰু ২ ছেপ্টেম্বৰ তাৰিখে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰী শ্ৰী মাধৱদেৱৰ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় “যোগ দৃষ্টি” নামেৰে এখনি দুদিনীয়া আবাসীক যোগ প্ৰশিক্ষণ অধিবেশন।

এই অধিবেশনত অসমৰ ৩১ খন জিলাৰ নিৰ্বাচিত বিদ্যালয় আৰু ক্ৰীড়া অনুষ্ঠানৰ লগত জৰিত যোগ প্ৰশিক্ষক সকলে অংশগ্ৰহণ কৰে।

যোগৰ জৰিয়তে ছাত্ৰ-ছাত্ৰী তথা যুৱ প্ৰজন্মৰ দৈনন্দিন জীৱনত কিদৰে মানসিক চাপ কমাব পাৰি, ৰোগ নিৰাময়ৰ লগতে শাৰীৰিক আৰু বৌদ্ধিক, বিকাশ সাধিব পাৰি, তাৰ উপৰিও যোগক কিদৰে জীৱনৰ অবিচ্ছেদ্য অংগ হিচাপে লব লাগে, সেই বিষয়ে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ লগতে ফিনলেণ্ডৰ পৰা অহা জ্যেষ্ঠ যোগ প্ৰশিক্ষক সকলে প্ৰশিক্ষণ আগবঢ়ায়।

বিশেষ ভাৱে তলত উল্লেখ কৰা বিষয় কেইটাৰ বিষয়ে যোগ বিশেষজ্ঞসকলে বক্তব্য আগবঢ়ায়-

১) জীৱনশৈলীত ৰোগ প্ৰতিৰোধ আৰু ব্যৱস্থাপনাত যোগৰ ভূমিকা ।
২) যোগ আৰু ধ্যান-ধাৰণাৰ জৰিয়তে মানসিক চাপ ব্যৱস্থাপনা আৰু মানসিক স্বাস্থ্যৰ যত্ন ।
৩) ছাত্ৰ-ছাত্ৰী আৰু যুৱক-যুৱতীসকলৰ মাজত যোগৰ প্ৰচাৰৰ গুৰুত্ব ।
৪) ক্ৰীড়া, বিজ্ঞান আৰু শাৰীৰিক সক্ষমতাত যোগৰ গুৰুত্ব ।
৬) আধুনিক নগৰীয়া সমাজত যোগৰ প্ৰসাৰ – ইয়াৰ গুৰুত্ব আৰু প্ৰভাৱ ।

৫/ চৰকাৰী কৰ্মচাৰী আৰু পেছাদাৰী সকলৰ বাবে যোগ আৰু স্বাস্থ্য ।

৭/ প্ৰসৱৰ পিছৰ যত্নৰ বাবে যোগৰ অগ্ৰগতি ।

৮) অসমত যোগ অনুশীলন আৰু প্ৰসাৰৰ বৰ্তমানৰ পৰিস্থিতি আৰু আগুৱাই যোৱাৰ পথ ।
৯) বিশ্বব্যাপী পৰিঘটনা হিচাপে যোগ – ইয়াৰ প্ৰসাৰ আৰু আন্তঃৰাষ্ট্ৰীয় সমাজত প্ৰভাৱ ।

Leave A Reply