Breaking

বিশ্বনাথৰ ধুলি খেৰবাৰীত চলন্ত অৱস্থাত জ্বলিল এখন ভালভ গেডাৰ গাড়ী…

0 50

এক ভয়ংকৰ অগ্নিকাণ্ড ৷ বিশ্বনাথৰ ধুলি খেৰবাৰীত জ্বলিল এখন চলন্ত ভালভ গেডাৰ গাড়ী ৷ বিশ্বনাথ জিলা সংমণ্ডল গড়কাপ্তানি বিভাগৰ অধীনস্থ লছমণবস্তিৰ পৰা পাভৈ লৈ যোৱা পথটিৰ নিৰ্মাণৰ কামত আছিল গাড়ীখন ৷

পথটিৰ চাইড বাম সমান কৰি থকা চলন্ত অৱস্থাত গাড়ীখনত লাগে জুই ৷হঠাৎ লগা জুইত চালকে গাড়ী খনৰ পৰা নামি প্ৰাণ ৰক্ষা পৰে ৷ ইতিমধ্যে দৌ দৌকৈ জ্বলি থকা গাড়ীখনৰ পৰা জুই নুমাবৰ বাবে আপ্ৰাণ চেষ্টা চলাই ৰাইজে ৷

অৱশেষত বিশ্বনাথ চাৰিআলিৰ অগ্নি নিৰ্বাপক বাহিনীক খবৰটো দিয়াৰ পাছত প্ৰায় এঘণ্টাজুৰা প্ৰচেষ্টাৰ অন্তত গাড়ীখনৰ পৰা জুই নিৰ্বাপিত কৰিবলৈ সক্ষম হয় ৷ শ্বট চাৰ্কিটৰ ফলত জুই লগা বুলি সন্দেহ কৰিছে ৰাইজে ৷

বালিচাংৰ পৰা ৰমেশ চন্দ্ৰ চৰেণ

Leave A Reply