Breaking

ৰিহানাৰ কনচাৰ্টত শ্ৰদ্ধা কাপুৰৰ প্ৰেমৰ সম্পৰ্কৰ ৰহস্য ফাদিল কৰিলে এগৰাকী যুৱতীৰ এটা ভিডিঅ’য়ে…

0 33

সামাজিক মাধ্যমত ভাইৰেল হৈছে ৰিহানাৰ কনচাৰ্টৰ শ্ৰদ্ধা কাপুৰৰ এটা ভিডিঅ’। ভিডিঅ’টোত শ্ৰদ্ধাক এজন যুকৰ সৈতে মাজে মাজে হাঁহি থকা আৰু মাজে মাজে নাচি থকা দেখা গৈছে।

বলিউদৰ অভিনেত্ৰী শ্ৰদ্ধা কাপুৰ প্ৰায়ে ছ’চিয়েল মিডিয়াত তেওঁৰ অভিনয় আৰু কিউট লুকৰ বাবে লাইমলাইটৰ অংশ হৈয়েই থাকে। কিন্তু এইবাৰ অভিনেত্ৰীগৰাকীয়ে নিজৰ ষ্টাইল বা অভিনয়ৰ বাবে নহয়, প্ৰেমিকৰ বাবেই শিৰোনামৰ অংশ হৈ পৰিছে। বহুদিন ধৰি অভিনেত্ৰীগৰাকীৰ নাম ৰাহুল মোডীৰ সৈতে সাঙোৰ খাই পৰিছে।শেহতীয়াকৈ ইণ্টাৰনেটত শ্ৰদ্ধা কাপুৰৰ এটা ভিডিঅ’ প্ৰকাশ পাইছে, য’ত দেখা গৈছে অভিনেত্ৰীগৰাকীক ৰাহুল মোডীৰ সৈতে। শ্ৰদ্ধা কাপুৰ আৰু ৰাহুল মোডীৰ এই ভিডিঅ’টো ৰিহানাৰ কনচাৰ্টৰ পৰা লোৱা হৈছে।


Reddit ত ভাইৰেল হৈছে শ্ৰদ্ধা কাপুৰৰ সৈতে প্ৰেমৰ সম্পৰ্কৰে নাম সাঙোৰ খোৱা ৰাহুল মোডীৰ ভিডিঅ’। ভিডিঅ’টোত এগৰাকী মহিলাই প্ৰথমে কেমেৰাটো মঞ্চৰ ফালে আঙুলিয়াই ভিডিঅ’টো ৰেকৰ্ডিং কৰি আছে, তাৰ পিছত শ্ৰদ্ধাক বেকগ্ৰাউণ্ডত লৈছে। এই সময়ত শ্ৰদ্ধা কাপুৰক ক’লা পোছাক পিন্ধি বহুত নাচি আৰু হাঁহি থকা দেখা যায়। শ্ৰদ্ধাৰ লগতে ৰাহুল মোডীকো দেখা গৈছে। শ্ৰদ্ধা কাপুৰ আৰু ৰাহুল মোডীৰ এই ভিডিঅ’টোৱে অভিনেত্ৰীগৰাকীৰ অনুৰাগীক উৎসাহিত কৰিছে।

আপোনালোকক জনাওঁ যে শ্ৰদ্ধা কাপুৰৰ নাম ৰাহুল মোডীৰ সৈতে বহুদিনৰ পৰা জড়িত হৈ আছে। কিন্তু অভিনেত্ৰীগৰাকীয়ে এতিয়ালৈকে নিজৰ সম্পৰ্ক নিশ্চিত কৰা নাই।

Leave A Reply