লাহৰীঘাটৰ বৰালীমাৰিত জলসম্পদ বিভাগৰ মন্ত্রী পিযুষ হাজৰিকাৰ গৰাখহনীয়া পৰিদৰ্শন

আজি মৰিগাঁও জিলাৰলাহৰীঘাট সমষ্টিৰ বৰালিমাৰীৰ অঞ্চলৰ বান-খহনীয়া পৰিদৰ্শন কৰে   জলসস্পদ বিভাগৰ মন্ত্ৰী পিয়ূষ হাজৰিকাইমন্ত্ৰী গৰাকীক সংগ দিয়ে মৰিগাঁও জিলা প্ৰশাসনৰ উচ্চ পদস্থ বিষয়া সকলৰ লগতে জলসস্পদ বিভাগৰ বিষয়-ববীয়াই।  উল্লেখ্য যে লাহৰীঘাট আৰু জাগীৰোড সমষ্টিত প্ৰায় ১৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ মথাউৰি উন্মুক্ত হৈ আছে। 
 বৰ্তমান বাৰিষাৰ বতৰ হোৱাৰ বাবে এই বছৰত বান-খহনীয়া প্ৰতিৰোধৰ কাম কৰিব নোৱাৰাৰ বাবে ৰাইজৰ ওচৰত ক্ষমা বিচাৰে মন্ত্ৰী পিয়ূষ হাজৰিকাই। পৰ্যায়ক্ৰমে লাহৰীঘাট সমষ্টিৰ বান আৰু খহনীয়া সমস্যাৰ সমাধানৰ আশ্বাস দিয়ে বিভাগীয় মন্ত্ৰী গৰাকীয়ে।প্ৰতি বছৰেই বান আৰু খহনীয়াই সৰ্বস্বান্ত কৰি আহিছে লাহৰীঘাট সমষ্টিবাসীক।

Related Articles