Breaking

সাহিত্যিক পেন্সনাৰ মামণি ডেকাক উষ্ম সম্বৰ্ধনা…

0 19

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ভগ্নী সংগঠন জাতীয় মহিলা পৰিষদৰ তৰফৰ পৰা নলবাৰী জিলাৰ বৰনৰ্দ্দীৰ গাঁৱৰ বাসিন্দা, বিশিষ্ট লেখিকা, কেইবাখনো গ্ৰন্থৰ ৰচয়িতা, সাহিত্যিক পেন্সনাৰ মামণি ডেকাক যোৱা ৮ মাৰ্চ তাৰিখে আন্তৰ্জাতিক নাৰী দিৱসৰ লগত সংগতি ৰাখি তেখেতৰ বাসভৱনত উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰে ।


জাতীয় মহিলা পৰিষদৰ নলবাৰী জিলা সমিতিৰ সভাপতি পম্পী দেৱী তথা সদস্য বিনীতা চক্ৰৱৰ্তীয়ে প্ৰতিনিধিত্ব কৰি মামণি ডেকাক এখন ফুলাম গামোচা আৰু কিতাপৰ টোপোলাৰে অভিনন্দন জ্ঞাপন কৰে।


নাৰীৰ অধিকাৰ আৰু মৰ্যাদা প্ৰতিষ্ঠাৰ সুদীৰ্ঘ সংগ্ৰামৰ বুৰঞ্জীত যুগান্তকাৰী স্মাৰক হিচাপে ৮ মাৰ্চ তাৰিখটো এক উল্লেখযোগ্য দিন আৰু সেই দিনটোতে নিজস্ব শক্তিশালী লেখাৰ জৰিয়তে মহিলাসকলৰ উত্তৰণত অহোপুৰুষাৰ্থ কৰি অহা মামণি ডেকাক সংগঠনটোৱে সম্বৰ্ধনা জনোৱাত অঞ্চলটোৰ ৰাইজে সন্তুষ্টি প্ৰকাশ কৰে।
প্ৰেৰক, দিগন্ত বৰ্মণ।

Leave A Reply