Breaking

লামাবাৰী মধ্য ইংৰাজী/উচ্চ মাধ্যমিক বিদ্যালয়ত নিৰঞ্জন বৰাক উষ্ম আদৰণি আৰু সম্বৰ্দ্ধনা অনুষ্ঠান…

0 76

ওদালগুৰি জিলাৰ মাজবাট শিক্ষা খণ্ডৰ অন্তৰ্গত লামাবাৰী মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক, সাহিত্য সংস্কৃতি সাধনা মঞ্চ অসম গ্ৰুপৰ সাধাৰণ সম্পাদক, বিভিন্ন সামাজিক সাংস্কৃতিক জাতীয় অনুষ্ঠানৰ নেতৃত্ব বহনকাৰী,কবি, লেখক নিৰঞ্জন বৰাক ২৪ নৱেম্বৰ,২০২২ তাৰিখে গুৱাহাটী দিছপুৰ লাষ্টগেটত অৱস্থিত লোকনিৰ্মাণ বিভাগৰ সভাকক্ষত ভাৰত চৰকাৰৰ পঞ্জীয়ন ভূক্ত সংস্থা বৰলুইত ফাউণ্ডেশ্যনে আড়ম্বৰপূৰ্ণ জাকজমকতাৰে আয়োজন কৰা বঁটা প্ৰদান অনুষ্ঠানত- প্ৰেৰণা বঁটা-২০২২ লাভ কৰে।

মহাবীৰ লাচিতৰ ৪০০ বছৰীয়া জন্মজয়ন্তী উপলক্ষে সংস্থাটোৱে অসমৰ বিভিন্ন জিলাৰ -অসমৰ সমাজ জীৱনলৈ অতুলনীয় অৱদান আগবঢ়োৱা সমাজ সেৱক, সাংস্কৃতিক কৰ্মী,কৃতি শিক্ষক,কবি,সাহিত্যিক, লেখক- লেখিকা, শিল্পী,কলা-কৌশলী, অভিনেতা- অভিনেত্ৰী, প্ৰশাসনিক বিষয়া সকলৰ বহুতকে প্ৰেৰণা বঁটা-২০২২ প্ৰদান কৰে। যাতে অনাগত দিনবোৰত তেওঁলোকে আগতকৈ দুগুণ উৎসাহে কাম কৰাৰ প্ৰেৰণা পায়। তাৰেই পৰিপ্ৰেক্ষিতত বিভিন্ন সময়ত বিভিন্ন অনুষ্ঠানৰ পৰা বঁটা লাভ কৰিবলৈ সক্ষম হোৱা নিৰঞ্জন বৰাক ২৫ নৱেম্বৰ,২০২২ তাৰিখ শুক্ৰবাৰে তেখেতৰ কৰ্মৰত বিদ্যালয় প্ৰাঙ্গণত বিদ্যালয়ৰ সমূহ শিক্ষক শিক্ষয়িত্ৰী কৰ্মচাৰী আৰু ছাত্ৰ ছাত্ৰীয়ে আনুষ্ঠানিক ভাৱে উষ্ম আদৰণি আৰু সম্বৰ্দ্ধনা জ্ঞাপন কৰে। বিদ্যালয়খনৰ শিক্ষক কৰ্মচাৰী আৰু ছাত্ৰ ছাত্ৰীৰ নেতৃত্বত এই সম্বৰ্দ্ধনা অনুষ্ঠান অনুষ্ঠিত কৰা হয়।


সহকাৰী শিক্ষক ক্ষীৰোদ কুমাৰ শৰ্মাই নিৰঞ্জন বৰাই বৰ্তমানলৈকে লাভ কৰা সকলো বোৰ বঁটা সম্পৰ্কে ছাত্ৰ ছাত্ৰীক অৱগত কৰে। তেওঁ কয় যে – লামাবাৰী মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক নিৰঞ্জন বৰাই -NEBCUS ৰ পৰা PRIDE OF NORTH EAST AWARD-2019, ভাৰতীয় দলিত সাহিত্য একাডেমীৰ পৰা- ড° আম্বেদকাৰ বঁটা- ২০১৯, সাহিত্য সমাজ সংস্কৃতি সেৱা মঞ্চ অসম ৰ পৰা অসম গৌৰৱ সন্মান বঁটা -২০২০আৰু ২০২২, নৱজাগৰণ মঞ্চ গুৱাহাটীৰ পৰা – গুৰুৰত্ন বঁটা -২০২২, Hypedge Media and promotions private Limited ৰ তৰফৰ পৰা TOP 100 TEACHERS INDIA – INDIAN EDUCATION AWARDS -2022, India Human Rights Foundation ৰ তৰফৰ পৰা- GANDHI NATIONAL PEACE AWARD -2022, World Charity Welfare Foundation ৰ পৰা- INTERNATIONAL SOCIAL HONOURABLE AWARD -2022, Mission India Welfare MIW Foundation ৰ পৰা– BHARAT BHUSHAN AWARD-2022 আৰু শেহতীয়াকৈ ২৪ নৱেম্বৰ,২০২২ তাৰিখে ভাৰত চৰকাৰৰ পঞ্জীয়ন ভূক্ত সংস্থা বৰলুইত ফাউণ্ডেশ্যনৰ পৰা গুৱাহাটী দিছপুৰ লাষ্টগেটত অৱস্থিত লোকনিৰ্মাণ বিভাগৰ সভাকক্ষত আয়োজিত অনুষ্ঠানত– প্ৰেৰণা বঁটা -২০২২ লাভ কৰিবলৈ সক্ষম হয়। তেওঁৰ সফলতা প্ৰকৃতাৰ্থত আমাৰ বিদ্যালয়ৰ সফলতা। সেয়েহে আজি আনুষ্ঠানিক ভাৱে সমূহ শিক্ষক কৰ্মচাৰী আৰু ছাত্ৰ ছাত্ৰীৰ তৰফৰ পৰা অসমীয়াৰ স্বাভিমান একোখনিকৈ ফুলাম গামোচাৰে তেখেতক উষ্ম আদৰণি আৰু সম্বৰ্দ্ধনা জ্ঞাপন কৰিলোঁ।


লামাবাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক কিৰিটী শৰ্মা বৰুৱাই বক্তব্য প্ৰদান কৰি কয় যে – নিৰঞ্জন বৰা এজন কৃতি শিক্ষকেই নহয়, তেওঁ এগৰাকী বিশিষ্ট সমাজকৰ্মী, সাহিত্য আৰু সাংস্কৃতিক কৰ্মী,সমাজ সংগঠক, সমাজ সেৱক, বহুতো জাতীয় সংগঠনৰ নেতৃত্ব বহনকাৰী সুদক্ষ ব্যক্তি,সু কবি, লেখক। ইতিমধ্যে তেখেতৰ চাৰিখন কৈ কাব্যগ্ৰন্থ প্ৰকাশ পায় পাঠক সমাজত সমাদৰ লাভ কৰিছে। বিভিন্ন আলোচনী কাকতত তেওঁ লিখা প্ৰৱন্ধ আদি প্ৰকাশ হৈ আহিছে। আনহাতে আন ভালেকেইখন গল্প, প্ৰৱন্ধ আৰু কাব্য গ্ৰন্থ তেওঁৰ প্ৰকাশৰ দিশত। আজি নিৰঞ্জন বৰাই দক্ষতাৰ ভিত্তিত যিসমূহ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে এইয়া আচলতে তেখেতৰ অক্লান্ত সাধনাৰ ফচল। বিদ্যালয় খনলৈ তেওঁৰ জৰিয়তে যি গৌৰৱ আহিছে সেইয়া আমাৰ গৌৰৱ, শিক্ষক শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰীৰ আৰু ৰাইজৰ গৌৰৱ। তেখেতলৈ আন্তৰিক শুভেচ্ছা অভিনন্দন জ্ঞাপন কৰি নিৰঞ্জন বৰাৰ সুন্দৰ সুদীৰ্ঘ স্বাস্থ্যৱন্ত কৰ্মময় সামাজিক সাংস্কৃতিক সাহিত্যিক জীৱনৰ সুউজ্বল কামনা কৰিলোঁ। তেখেতৰ লগতে উপস্থিত শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰী সকলোৱে তেখেতৰ সুন্দৰ ভৱিষ্যত উত্তৰোত্তৰ কামনা কৰি অনুষ্ঠানৰ সামৰণি কৰে।

Leave A Reply