Breaking

‘দ্য আসাম ৰাইজিঙ’ৰ নতুন সম্পাদকৰ দায়িত্ব গ্ৰহণ ভূপেন্দ্ৰ নাথ ভট্টাচাৰ্যৰ

0 614

“দৈনন্দিন বাৰ্তা” গোষ্ঠীৰ দ্বাৰা প্ৰকাশিত দৈনিক ইংৰাজী বাতৰি কাকত “দ্য আসাম ৰাইজিঙ”ৰ সোমবাৰে সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰে বিশিষ্ট সাংবাদিক ভূপেন্দ্ৰ নাথ ভট্টাচাৰ্যই।

এই উপলক্ষে মুখ্য কাৰ্যালয়ত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত নৱ নিযুক্ত সম্পাদক গৰাকীক ফুলাম গামোচাৰে আদৰণি জনায় “দৈনন্দিন বাৰ্তা” ৰ মুখ্য সম্পাদক ড° নৰেণ হাজৰিকাই। ভূপেন্দ্ৰ নাথ ভট্টাচাৰ্যক ফুলৰ থোপাৰে শুভেচ্ছা জনায় দৈনন্দিন বাৰ্তাৰ সম্পাদক তথা গোষ্ঠীটোৰ অধ্যক্ষ শংকৰ গোহাঞিৰ লগতে সমূহ কৰ্মচাৰীবৃন্দই।

জ্যেষ্ঠ সাংবাদিক ভূপেন্দ্ৰ নাথ ভট্টাচাৰ্যৰ সবল নেতৃত্বত বাতৰি কাকতখনে এক নতুন গতি লাভ কৰাৰ লগতে ৰাজ্যখনৰ অভাব অভিযোগ সমূহ তুলি ধৰি নতুন দিগন্তৰ সূচনা কৰিব বুলি শুভাকাংক্ষী সকলে আশা প্ৰকাশ কৰে। উল্লেখযোগ্য যে বিশিষ্ট সাংবাদিক ভূপেন্দ্ৰ নাথ ভট্টাচাৰ্যই দৈনিক জনমভূমি, ছেণ্টিনেল গোষ্ঠীৰ দ্বাৰা প্ৰকাশিত আজিৰ অসম, ৰাইজৰ বাতৰিৰ লগতে বৈদ্যুতিন মাধ্যম প্ৰাগ নিউজ, এন ই টিভি ত সেৱা আগবঢ়াইছিল।

দুয়োটা মাধ্যমৰ অভিজ্ঞতাৰে পুষ্ট বিশিষ্ট সাংবাদিক গৰাকীয়ে দৈনিক ইংৰাজী কাকত “দ্য আসাম ৰাইজিঙ”ক এক বিশেষ মৰ্যদা প্ৰদান কৰিবলৈ সক্ষম হব বুলি কৰ্মচাৰী সকলৰ লগতে শুভাকাংক্ষী সকলে আশা প্ৰকাশ কৰে।

Leave A Reply