Breaking

নেপালত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় মাষ্টাৰ্চ এথলেটিক্স প্ৰতিযোগিতাত সোণ-ৰূপৰ পদক বিজয়ী নাজিৰা গেলেকীৰ এগৰাকী মহিলা…

0 66

নেপালত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় মাষ্টাৰ্চ এথলেটিক্স প্ৰতিযোগিতাত সোণৰ আৰু ৰূপৰ পদক বিজয়ী নাজিৰা গেলেকীৰ এগৰাকী মহিলা। চলিত মাহৰ ৫ অক্টোবৰৰ পৰা ৯ অক্টোবৰলৈ নেপালত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় মাষ্টাৰ্চ এথলেটিক্স চেম্পিয়নশ্বিপ প্ৰতিযোগিতাত ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰা অসমৰ শিৱসাগৰ জিলাৰ নাজিৰাৰ গেলেকী চাংমাই গাঁৱৰ চম্পা বৰুৱাই সোণৰ আৰু ৰূপৰ পদক অৰ্জন কৰি অসমৰ লগতে শিৱসাগৰ জিলালৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয়। যোৱা ৫ অক্টোবৰত নেপালত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় মাষ্টাৰ্চ এথলেটিক্স চেম্পিয়নশ্বিপ প্ৰতিযোগিতাত শিৱসাগৰ জিলাৰ নাজিৰাৰ গেলেকীৰ চাংমাই গাঁৱৰ চম্পা বৰুৱাই জেভলিন প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰি সোণৰ পদক অৰ্জন কৰে।

জেভলিন প্ৰতিযোগিতাত সোণৰ পদক লাভ কৰা পিছত খোজকঢ়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি প্ৰথম স্থান লাভ কৰি সোণৰ পদক অৰ্জন কৰে। ইয়াৰোপৰি চম্পা বৰুৱাই দিচকাচ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি দ্বিতীয় স্থান লাভ কৰি ৰূপৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয়। এইদৰে তিনিটাকৈ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি এইগৰাকী ৬০ ৰ উৰ্ধৰ মহিলাই দুটাকৈ সোণৰ আৰু এটা ৰূপৰ পদক অৰ্জন কৰি অসমৰ লগতে শিৱসাগৰ জিলালৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হয়। নেপালৰ পৰা স্বগৃহলৈ উভতি অহাৰ পিছত এই গৰাকী মহিলাক আজি গেলেকী আঞ্চলিক বীৰংগনা মহিলা সমিতিয়ে উষ্ম আদৰণি জনোৱাৰ লগতে সম্বৰ্ধনা জনায়। গেলেকী আঞ্চলিক বীৰংগনা মহিলা সমিতিৰ কেইবাগৰাকী বিষয়ববীয়াই চম্পা বৰুৱাক আজি অভিনন্দন জনায়।

Leave A Reply