Breaking

এঘণ্টাত ৬টা সন্তান জন্ম দিলে এগৰাকী মহিলাই! চাৰিজন পুত্ৰ, দুগৰাকী কন্যা…

0 118

এটি সন্তান জন্ম দিয়াটোৱে এগৰাকী মহিলাৰ বাবে অতি কষ্টকৰ যন্ত্ৰণা, তেনেস্থলত এগৰাকী মহিলাই একেলগে ৬টা সন্তান জন্ম দিলে। এই আশ্চৰ্যজনক খবৰ পাকিস্তানৰ ৰাৱালপিণ্ডীৰ। চিকিৎসকৰ মতে মহিলা আৰু শিশু সকলো সুস্থ।

প্ৰসৱৰ বিষৰ বাবে বৃহস্পতিবাৰে নিশা ৱাহিদাক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। ১৯ এপ্ৰিলত জিনাত ৱাহিদে চাৰিজন পুত্ৰ আৰু দুগৰাকী কন্যা সন্তান জন্ম দিয়ে। এঘণ্টাৰ ভিতৰতে ছটা সন্তান জন্ম দিলে। হাস্পতালখনৰ ছুপাৰ ডাক্তৰ ফাৰ্জানাই কয় যে নৱজাতকক ইনকিউবেটৰত ৰখা হৈছে। একেলগে ইমানবোৰ সন্তান জন্ম দিয়াটো অতি বিৰল।


চিকিৎসালয়ৰ সূত্ৰ অনুসৰি নৱজাতকক ইনকিউবেটৰত ৰখা হয় যদিও সকলো সুস্থ। অস্ত্ৰোপচাৰৰ সময়ত কেইবাটাও সমস্যাৰ সৃষ্টি হোৱা বুলি চিকিৎসালয়ৰ অধীক্ষকে জানিবলৈ দিয়ে। ৱাহিদা আৰু তেওঁৰ সন্তানৰ অৱস্থা নিৰীক্ষণৰ বাবে এটা চিকিৎসা দলো গঠন কৰা হৈছে বুলি চিকিৎসালয়ৰ অধীক্ষকে জানিবলৈ দিয়ে। চিকিৎসালয়ৰ সূত্ৰ অনুসৰি ৱাহিদাৰো কিছু শাৰীৰিক সমস্যা আছে। চিকিৎসাধীন হৈ আছে। চিকিৎসালয়ৰ অধীক্ষকে শীঘ্ৰে সমস্যা সমাধান হ’ব বুলি আশা প্ৰকাশ কৰে।

Leave A Reply