Breaking

ডবকা আকাশীগংগাত বন্যহস্তীৰ আক্ৰমণত এগৰাকী মহিলা নিহত…

0 65

হোজাই আৰু কাৰ্বিআংলং জিলাৰ সীমান্তৱৰ্তী আকাশীগংগা হালধিআটিত আজি বন্যস্তিৰ আক্ৰমণত এগৰাকী মহিলা নিহত হোৱাৰ লগতে আন এজন মহিলা গুৰুতৰ ভাৱে আহত হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ ডবকা আঞ্চলিক বন বিষয়়াৰ কাৰ্যালয়ৰ অন্তৰ্গত আকাশীগংগা  টঙীয়া গাৱত সংগঠিত হয় এই  চাঞ্চল্যকৰ ঘটনাটো ৷

মৃত মহিলা গৰাকীৰ নাম চুকুমনি গৌড় বুলি জানিব পৰা গৈছে ৷ হাতীৰ জাকটোৱে ডবকা সংৰক্ষিত বনাঞ্চলত যোৱা কালি সন্ধিয়া প্ৰবেশ   কৰিছিল বুলি প্ৰতক্ষ্য কৰে একাংশ লোকে ,নিশা কাষতে থকা *টঙীয়া* গাওঁখনলৈ যায় জাকটোৱে৷ নিশা দহ মান বজাত চুকু মনি গৌড় নামৰ মহিলা গৰাকীয়ে আন এগৰাকী সহযোগীৰ সৈতে হালধীআটীৰ  পৰা বজাৰ কৰি  নিজ গৃহ অভিমুখে গৈ থাকোতেই বন্যহস্তিৰ জাকটোৰ মুখামুখি হয় দুয়ো ৷ এগৰাকী মহিলা পলায় সাৰে যদিওঁ চুকু মনি গৌড় নামৰ মহিলা গৰাকী হাতীয়ে গচকি  মাৰি পেলায়,হাতীৰ আক্ৰমনত মহিলা গৰাকীৰ হাত ভৰি ভাঙি যায় ৷ গাওঁখনত প্ৰৱেশ কৰিয়েই হাতীৰ জাকটোৱে খাদ্য শস্য খাই তহিলং কৰাৰ লগতে তাণ্ডবো চলাই৷ খবৰ পোৱাৰ মাত্ৰকেই ঘটনাস্থলিত উপস্থিত হয় হালদি আটিৰ  বনবিভাগৰ দল আৰু আৰক্ষীৰ লোক ৷  

স্থানীয় ৰাইজৰ সহযোগত মৃতদেহতো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাওঁ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰন কৰাৰ কৰে৷ যোৱা কিছুদিন ধৰি প্ৰতি নিশাই বন্যহস্তিৰ জাকটোৱে গাওঁখনত তাণ্ডব চলোৱাৰ কথা জানিবলৈ দিছে  স্থানীয় ৰাইজে৷বাতৰি লিখাৰ আগমূহুৰ্তলৈকে ঘটনাস্থলিত ডবকা অঞ্চলিক  বন বিষয়া জিচং তেৰাং পৰিয়ালকিট বুজনি বা গাওবাসীক শান্তনা দিবলৈ  উপস্থিত নোহোৱাৰ অভিযোগ উত্থাপন কৰিছে একাংশ লোকে৷আনহাতে  হোজাইৰ যমুনামুখতো দিন  দুপৰতে বন্যস্থিৰ জাকে তাণ্ডৱ আৰাম্ভ কৰে ৷ যমুনামুখৰ চাংজুৰাই গাৱত অৱস্থান কৰিছে ১০০-১৫০ জনীয়া হাতীৰ জাক এটাই  ৷ চাংজুৰাই গাৱত থকা উৰিয়াম ঘাট ৰিজাৰ্ভত আজি পুৱতি নিশাৰ পৰাই অৱস্থান কৰেহি হাতীৰ জাকটোৱে ৷ দিন দুপৰতে *যমুনামুখ- কামপুৰ* সংযোগী পথত হাতীৰ জাকটোৱে অৱস্থান কৰাত আতংকৰ মাজত আছে অঞ্চলটোৰ জনতাই  ৷ 

উক্ত পথেৰে আহি থকা এখন ই ৰিক্সাক  এটা হাতীয়ে আক্ৰমন কৰিবলৈ উদ্যত হয় যদিও কথমপি ৰক্ষা পৰে ই ৰিক্সাৰ চালক জনে৷ সেই শিহৰনকাৰী দৃশ্য বন্দী হৈছে  কেমেৰাতো।কথমপি প্ৰাণ ৰক্ষা ই-ৰিক্সা চালকৰ লগতে আৰোহী। আতংকত ভূগীছে চাংজুৰাই গাওঁবাসী, কিয়নো মূহুৰ্তত  নিশা গাৱত হাতীৰ জাকটোৱে তাণ্ডৱ চলোৱাৰ আখংক্ষা কৰিছে  সাধাৰণ জনতাই ৷বৰ্তমানলৈকে ঘটনাস্থলিত উপস্থিত হোৱা নাই কামপুৰৰ বনবিভাগ। আনহাতে হাতীৰ জাকটো চাবলৈ হেতা উপৰা লগাইছে একাংশ স্থানীয় ৰাইজে ৷

Leave A Reply