Breaking

সাম্প্ৰদায়িক অসহিষ্ণুতাৰ বিপৰীতে সম্প্ৰীতিৰ অপূৰ্ব নিদৰ্শন বিশ্বনাথত ! বিশ্বনাথ ৰাস মহোৎসৱত নন্দ যশোদাৰ ৰূপত মুছলমান শিল্পী…

0 38

বিশ্বনাথ ৰাস মহোৎসৱত নন্দ যশোদাৰ ৰূপত মুছলমান শিল্পী

সাংবাদিক আমিৰ খান-জোনমনি বেগমৰ অভিনয়ত সমন্বয়ৰ বাৰ্তা

সাম্প্ৰদায়িকতাক প্ৰত্যাহবান জনাই এইবাৰ ৰাজ্যত সমন্বয়ৰ বাৰ্তা বিলাবলৈ সক্ষম হৈছে বিশ্বনাথ ৰাস মহোৎসৱে। ভগবান শ্ৰীকৃষ্ণৰ ৰাসলীলা কেৱল নিদিষ্ট ধৰ্মাৱলম্বীৰ মাজতে সীমাবদ্ধ নহয়,বৰঞ্চ কৃষ্ণ সংস্কৃতিৰ এই সাৰ্বজনীন ৰাস ইছলামধৰ্মী অথবা আন ধৰ্মৰ অভিনেতা অভিনেত্ৰীৰ বাবেও উন্মুক্ত।এয়া প্ৰতিপন্ন হ’ল বিশ্বনাথৰ উত্তৰ চাৰিআলি ৰাস উৎসৱ সমিতিয়ে আয়োজন কৰা বিশ্বনাথ ৰাস মহোৎসৱত।যি সময়ত দেশত তথা ৰাজ্যত একাংশই সাম্প্ৰদায়িক বাতাবৰণ সৃষ্টিৰ প্ৰচেষ্টা অব্যাহত ৰখাৰ অভিযোগ উঠিছে তেনে সময়ত এই বাতাবৰণৰ মাজতে কিন্তু সাংবাদিক আমিৰ খান আৰু তেওঁৰ পত্নী জোনমনি বেগমে বিশ্বনাথ ৰাস মহোৎসৱৰ নন্দোৎসৱ নাটিকাত নন্দ আৰু যশোদাৰ ভাওত অবতীৰ্ণ হৈছে।

সাংবাদিক আমিৰ খান আৰু তেওঁৰ পত্নী জোনমনি বেগমৰ এই অভিনয়ে প্ৰকৃতাৰ্থত এই কথাই নিৰ্ণয় কৰে যে অসমত একতাৰ এনাজৰীডাল দলিয়াই পেলোৱাটো সহজ নহয়। ইতিমধ্যে ৰসময় হৈ উঠা নন্দোৎসৱৰ নন্দ যশোদাৰ প্ৰাণস্পৰ্শী অভিনয় আৰু কোলাত শিশু কৃষ্ণক তুলি লৈ সাংবাদিক আমিৰ খান আৰু জোনমনি বেগমৰ নৃত্য-গীতৰ পৰিবেশে কল্পিত ব্ৰজধামত আনন্দৰ জোৱাৰ তোলে। সাতামপুৰুষীয়া সম্প্ৰীতিৰ স্বাক্ষৰ বহন কৰি সাম্প্ৰদায়িক বিষয়বাষ্পৰ মাজতো আমিৰ-জোনমনিৰ দৰে উত্তৰ চাৰিআলি সাৰ্বজনীন ৰাস সমিতিয়েও এনে অভূতপূৰ্ব পদক্ষেপৰে সাহসৰ পৰিচয় দিবলৈ সক্ষম হৈছে।

কেবল আমিৰ দম্পতীয়ে নহয়,হামিদা খাতুন নামৰ শিল্পীগৰাকীয়ে গুৰু বন্দনা,কৃষ্ণ বন্দনা অথবা অন্যান্য গীত বিগত ২৫ বছৰ ধৰি বিশ্বনাথ ৰাস মহোৎসৱত পৰিবেশন কৰি ৰাইজৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে।সমন্বয় কেবল চৰ্বিত -চৰ্বনৰ বিষয় নহয়,এইয়া যে সম্প্ৰীতিৰ পূৰ্ণ নিদৰ্শন,সেয়া প্ৰতিফলিত হৈছে বিশ্বনাথ ৰাস মহোৎসৱত। আনহাতে কালি নিশা সামৰণি পৰে এই ৰাস মহোৎসৱৰ। তেজপুৰৰ সাংসদ পল্লৱ লোচন দাসে উদ্বোধন কৰা অন্তিম নিশা অনন্ত শয্যা, দৈৱকীৰ বিবাহ, নন্দোৎসৱ, পুতনা বধ, কালিয় দমন নাটিকাৰ লগতে কেলিগোপাল নাট ভাগ অনুষ্ঠিত হয়।

Leave A Reply